পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গােপন পৰামর্শ “লেখনী-পুস্তিকা-কান্তাঃ পৰহস্তগতা গতাঃ।” এতিয়াও স্কুলৰ ভাৰ পৰৰ হাতত দিয়াৰ পৰাই সকল সুবিধা গ’ল। শহনিত এবাৰ গৰু চৰিবলৈ এৰি দিলে, কেতিয়াবা জানাে ভাল ফল পায়। সেই দেখি সকলে দোষ তােমাৰ গাত। | কমল-মই জানাে পৰাত তাক চেক্রেটাৰী পাতিছিলো? ৰাইজে দীনবন্ধুৰ নিমিত্তে যেনেকৈ ধৰিছিল, আকৌ আমাৰ ভিতৰতে খােৱা-কামােৰা লগা হ'লে সকল পণ্ড হ’লহেঁতেন। সেই দেখিহে বােলাে একেবাৰেই হাতৰ পৰা এৰাই যােৱাতকৈ যেনে-তেনে আমাৰ দলতে ৰাখোঁ। সৰ্বা—সেইটো যি হ’ল হ’ল ; পিচে এতিয়া কৰা যায় কি ? কমল—অইন আৰু কি কৰিম ; যেনে তেনে উকীলক চেক্রেটাৰী ভাঙিব লাগে। সৰ্বা—কেনেকৈ ? কৃষ্ণ—মই ভাবিছো অতি সহজে সেইটো কাম সিদ্ধি কৰিব পাৰি। পুৰাতত্ব আলােচনা কৰিলে পােৱা যায়, দুৰ্য্যোধনে ভীমক দূৰ কৰিব নােৱাৰি বিহ খুৱাই দিছিল। এতিয়া উকীল মদত বিহ মিহলাই দিলেই সকলো ঠিক হব। শেহত মদ খাই মৰিল বুলি প্ৰমাণ হৈ যাব। কমল-সিমান ভয়ঙ্কৰ উপায় নিবিচাৰিলেও হ’ব। আজি কালি প্রায় সকলাে মানুহৰ মুখতে প্ৰভাৱতী, উকীল, মহেশ আৰু লক্ষ্মীকান্তৰ কথা। সেইবােৰ কথাৰ নিয়মমতে বিচাৰ কৰিব লাগে। সৰ্ব—কিন্তু প্রমাণ কৰিব নােৱাৰিলে, তেনে কথা উলিওৱা নিৰাপদ নহয়। কৃষ্ণ—মই আৰু এটা উপায় ভাবিছে। পুৰাতত্বমতে দেৱতা সকলে সু-উপমূলক বলে নােৱাৰি তিলােত্তমাক পঠিয়াই দিছিল। তেওঁক দেখি দুয়াে যুদ্ধ কৰি মৰি থাকিল; তেতিয়া বিনাযুদ্ধে দেৱতাৰ