পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চদশ অধ্যায় মিশন স্কুল ৰম্ভাৱতায়ে মিশন স্কুলত কাম কৰিবলৈ ধৰিলে, কিন্তু বাের্ডিঙৰ চাৰি বেৰৰ ভিতৰত আবদ্ধ থাকি তেওঁ বৰ আহুকাল বােধ কৰিবলৈ ধৰিলে। আৰু এটা আহুকাল পাইছিল স্কুলৰ নিয়মমতে দেওবাৰৰ দিনা গির্জালৈ যাব লগা হােৱাত। নিয়মমতে গির্জালৈ নগলে আৰু বাইবেলখন ভালকৈ আয়ত্ত কৰিব নােৱাৰিলে ৰম্ভাক তাত ৰাখিব নােৱাৰে বুলি মিচ ডেইটনে সদায় কবলৈ পাহৰা নাছিল। ৰম্ভাই আন উপায় নেদেখি অনিচ্ছাৰে সৈতে বাইবেল পঢ়িবলৈ ধৰিলে, আৰু গির্জালৈকো অহা-যােৱা কৰিবলৈ লাগিল। যদি বাইবেল পঢ়িবলৈ নাইবা গির্জালৈ যাবলৈ ৰম্ভাৰ আগ্ৰহ জন্মিলহেঁতেন, তেন্তে বােধকৰো কিছু লাভাে হ'লহেঁতেন, কিন্তু বন্ধা নিয়মৰ বশবর্তী হৈ ইচ্ছাৰ বিৰুদ্ধে তেনে কৰিব লগা হােৱাত তেওঁৰ মনত অশান্তি উপজিছিল মাত্র । ৰম্ভা যিমানেই তললৈ নামক হিন্দু সমাজৰ মাজত বৰ্ধিতা ; সেই কাৰণে যৌৱনৰ উম্মত্ততাই যেনি-তেনি উটুৱাই নিলেও ঈশ্বৰ বিশ্বাসৰ পৰা একেবাৰেই বঞ্চিত নাছিল। গির্জালৈ অহা-যােৱা কৰি তেওঁ দেখিলে খৃষ্টান হবলৈ ঈশ্বৰ-বিশ্বাস বা ধৰ্মভাবৰ কোনাে প্রয়ােজন নাই। কিছুমান নিয়ম মানি চলিলে আৰু দেওবাৰৰ দিনা যেনেতেনে উচপিচাই বহি গির্জাত এখন্তেক কটাব পাৰিলেই হৈ গল। ৰম্ভাৰ ধৰ্ম্ম-বিষয়ে আন জ্ঞান নাথাকিলেও এই ফেৰা অন্ততঃ আছিল যে ধর্ম গাৰ বলেৰে আনে জাপি দিব পৰা বস্তু নহয়; ইয়াৰ নিমিত্তে অন্তৰৰ আকুলতা আৰু দৃঢ় বিশ্বাস লাগে। মিশ্যন স্কুলত যি ধৰ্মৰ প্ৰচাৰ - ৩ -