পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

ফুলেৰে জকমকীয়া লতা মাথোন দেখা যায়, তথাপি ভালকৈ চালে, প্ৰত্যেকটা ফুলৰ সলনিত একোটা আখৰেৰে লিখা শব্দ ওলাই পৰে। সেই কেইটা শব্দ হৈছে — সত্যং শিৱং, অদ্বৈতং, পৱিত্ৰতা, প্ৰেম, আনন্দ আৰু শান্তি। তাৰ উপৰিও গোটেই লতাডালৰ আকৃতি হয় “ওঁ”। এই প্ৰণৱ চিত্ৰখন আনে ভাল পাওক বা নাপাওক, দীনবন্ধুৰ হলে বৰ আদৰৰ; আন কি সেই চিত্ৰৰ যে চিত্ৰকৰ হ’ব পাৰিছে, সেই বাবে গৰ্ব্বও অনুভব কৰে। খোটালিটোত আলমাৰী কেইবাটাও, আটাইকেইটা দৰ্শন, বিজ্ঞান, বুৰঞ্জী, পুৰাতত্ত্ব, সমাজতত্ত্ব, আদি বিভিন্ন ভাষাৰ গ্ৰন্থ আৰু সংস্কৃত কাব্য, নাটক, বেদ স্মৃতি, উপনিষদ, মহাভাৰত, ৰামায়ণ আদি গ্ৰন্থেৰে ভৰা। সঙ্গীত আৰু চিত্ৰবিষয়ক পুথিও খনচেৰেক আছে। এখন মেজত ইংৰাজী, সংস্কৃত আৰু অসমীয়া অভিধান আৰু লিখাৰ সঁজুলি সজাই থোৱা হৈছে। দুটা “ফুলদানিৰ” পৰা সদায় নতুন ফুলৰ গোন্ধ মলমলাই থাকে। দীনবন্ধুৱে আজৰি পোৱা সময়ৰ সৰহখিনি ইয়াতে কটায়। চ’ৰা খোটালিতো খনচেৰেক ছবি আছে, সেই কেইখন হৈছে, দেশৰ আৰু দহজনৰ নিমিত্তে জীৱন উচৰ্গা কৰোঁতা কেইজনমান অমৰ মহাত্মাৰ চিত্ৰ। তাৰ উপৰিও প্ৰাকৃতিক দৃশ্যৰ প্ৰতিকৃতি কেইখনমানো দেখা যায়, তাৰ ভিতৰত তেওঁৰ স্বহস্ত-অঙ্কিত সূৰ্য্যাস্তনামক চিত্ৰখনি অতি মনোৰম। খোটালিটোৰ মাজতে এখন মেজ আৰু তাৰ বুকত খনচেৰেক বাতৰিকাকত সদায় থাকে। অভ্যাগতক অভ্যৰ্থনা কৰিবলৈ পাঁচ কি ছখনমান চকি আৰু এখন খাটো ইয়াত ৰখা হৈছে।

 দীনবন্ধুৰ বৰণ একেবাৰেই বগা নহয়, কিছু শাওঁ বৰণীয়া, দীঘলে জোখতে, গাটো বিশেষ শকত নহলেও ক্ষীণো নহয়। মুখতো সদায় এটা গাম্ভীৰ্য্যৰ চিত্ৰ পৰিস্ফুট। মূৰৰ চুলি দীঘল আৰু কেঁকোৰা-কেঁকুৰি, তাৰ সৌন্দৰ্য্যই তেওঁৰ অবয়ব বেচি শুৱনি কৰি তুলিছিল।

— ১৪ —