পোৱা দূৰৰ কথা, কোনোবাই তেনে কথাৰ অৱতাৰণা কৰিলেও দল এৰি পলায়। লগৰীয়াবোৰে কয় :— “দীনবন্ধু কবি হৈও নীৰস।”
সেই দিনা খাই-বই উঠি দীনবন্ধু পাটীত পৰিল, কিন্তু বহুত ৰাতিলৈকে তেওঁৰ টোপনি নাহিল; কল্পনাত এনেকৈ গা এৰি দিলে যে তেওঁ নিজেই বুজিব নোৱৰা হ’ল — তেওঁ দেখিলে — সন্মুখত নীলাকাশ, তেওঁ আজিলৈকে যিবোৰ সুন্দৰ বস্তু দেখিছিল, সেই সকলোবোৰৰ পৰা সৌন্দৰ্য্যৰ ফিৰিঙটি উফৰি সেই মহা নীলাকাশৰ ফালে ধাৱমান হ’ল; চাওঁতে চাওঁতেই আকাশ-পৃথিবী, জল-স্থল, গছ-লতা, ফুল-ফল — সকলোৰে সৌন্দৰ্য্য এক হৈ সজীৱতা লাভ কৰিলে; চাওঁতে চাওঁতেই সেই সৌন্দৰ্য্য-ৰাশি এক নাৰী-মূৰ্ত্তিত পৰিণত হ’ল। সেই দৃশ্যৰ পৰা তেওঁ চকু ঘূৰাব নোৱৰা হ’ল। চাওঁতে চাওঁতেই সেই মহা নীলাকাশ তৰঙ্গিত কৰি সুমধুৰ সঙ্গীত উঠিল; তাৰ ছত্ৰে ছত্ৰে অমিয়া-বিন্দু, তালে তালে ললিত ঝঙ্কাৰ। দীনবন্ধুৰ ধৈৰ্য্য হেৰাল, অজ্ঞাতসাৰেই মুখৰ পৰা গীতৰ প্ৰতিধ্বনি ওলালঃ⸺ “শূন্য থাপনাত থাপি আদৰেৰে পূজিম জীৱনে মৰণে।”
এই চিত্তোম্মাদকাৰী সৌন্দৰ্য্যত মুগ্ধ হৈ থাকোঁতেই দীনবন্ধুৰ টোপনি আহিল।
ৰাতিপুৱা শোৱাৰ পৰা উঠি চকু-মূৰ মোহাৰি দীনবন্ধুৱে খিৰিকীখন মেলিলে। এই খিৰিকীৰ পৰা সম্মুখৰ ঘৰটোৰ বাৰাণ্ডা স্পষ্টকৈ দেখা যায়। দীনবন্ধুৱে বাহিৰলৈ চকু দিয়েই বাৰাণ্ডাত এজনী সুন্দৰী যুৱতী দেখিবলৈ পালে, লগে লগে ৰাতিৰ গেটেইখিনি কথা তেওঁৰ মনত পৰিল। তেওঁ অলপ সময় যুৱতীলৈ চাই থাকিল, যুৱতীয়েও তেওঁক দেখা পালে, কিন্তু আনৰ দৰে নপলাল। দীনবন্ধু ধীৰে ধীৰে আঁতৰি আহিল, নিশাৰ দৰে তেতিয়াও যেন তেওঁৰ কাণত পৰিছিলঃ⸺
“শূন্য থাপনাত থাপি আদৰেৰে পূজিম জীৱনে মৰণে।”