পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা কামটো ভাল কৰিলে নে বেয়া কৰিলে নিজেই একো নুবুজিলে। বিশেষকৈ শিক্ষালাভৰ নিমিত্তে একান্ত আগ্রহ থাকিলেও সেই অচিনাকি মানুহজনৰ পত্নী হবলৈ তেওঁৰ সমূলি ইচ্ছা জন্ম নাই। তেওঁৰ তেতিয়া চিঠিখন ঘূৰাই আনিবলৈ মন গৈছিল ; চিঠিখন উকীলে লৈ নােযােৱা হ'লে তেওঁ তাক ডাকত নিদিলেহেঁতেন। ভাবনাত তেওঁৰ কপালৰ ঘাম বৈ গল; তেওঁ ঘাম মচি মচি বাৰাণ্ডালৈ ওলাই আহিল। বাৰাণ্ডাৰ পৰা দেখা পালে সেই ধীৰ, উজ্জ্বল, প্রশান্ত দীনবন্ধুৰ মূর্তি। তেওঁৰ চকুলো ওলাল ; কিবা এটা আবেগত তেওঁ কঁপিবলৈ ধৰিলে; থিয় হৈ থাকিব নােৱাৰি মাটিতে বহি খুটাত আঁউজি বল। ইয়াৰ অলপ পিচতে লক্ষ্মীকান্ত আহিল আৰু এভাক তেনে অৱস্থাত দেখি সুধিলে,—“প্রভা, কি হৈছে তােমাৰ ?” প্রভা--একো হােৱা নাই। লক্ষ্মী—নিশ্চয় কিবা এটা হৈছে। তুমি মােৰ ওচৰত লুকুওৱা। নে প্রভা ? মই যে তােমাৰ নিমিত্তে সদায় চিন্তা কৰি আহিছো, তুমিওতাে ইমান দিন মােক আপােন বুলি বুদ্ধি-ভৰ লৈ আহিছা। আজি কিয় মােক নিলগ কৰিছা প্রভা ? তােমাৰ দুখ-সুখৰ কথা মােৰ পৰাও গােপনীয় নে ? প্রভাই তেতিয়া সেই দিনাৰ সকলাে কথা ভাঙি-ছিঙি কলে। শুনি থাকি লক্ষ্মীকান্তৰ মুখ বিবর্ণ হ’ল, উশাহ ঘন হৈ আহিল। কৰুণ সুৰেৰে ক'লে,-“তেনেহলে তুমি সেই বঙালীটোলৈ যাবলৈ স্থিৰ কৰিলা ?” প্রভা-নাই কৰা। লক্ষ্মী-তেনেহলে চিঠি লিখিলা কিয়? ১২৪ -