পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গ্ৰন্থকাৰৰ নিবেদন

 বাস্তৱতাৰ মাজে দি আদৰ্শৰ উজ্জ্বল লোকলৈ পথ নিৰ্ম্মাণ কৰাই উপন্যাসৰ চৰম লক্ষ্য। এই লক্ষ্য মনত ৰাখিয়েই লিখকে সাধনা আৰম্ভ কৰিছে; সিদ্ধিলাভ জগৎনিয়ন্তাৰ হাতত।

 সাধনা লিখাৰ পিচতেই জনচেৰেক কৃতবিদ্য লোকৰ সঙ্কেত লাভ কৰি, লিখক বিশেষ উপকৃত হৈছিল। সেই সকলৰ ভিতৰত শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা, শ্ৰীযুক্ত বেণুধৰ দাস, শ্ৰীযুক্ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, শ্ৰীযুক্ত নকুলচন্দ্ৰ ভূঞা, শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা আৰু শ্ৰীযুক্ত ললিতমোহন চৌধুৰী প্ৰধান। তেওঁলোক সকলোটিকে লিখকে আন্তৰিক কৃতজ্ঞতা জনাইছে।

 ১৮৪৮ শকত অসম সাহিত্য-সভাৰ পৰা সৰ্ব্বোৎকৃষ্ট উপন্যাসৰ নিমিত্তে তিনি শ টকা পুৰস্কাৰ ঘোষণা কৰা দেখি সাধনাক প্ৰতিযোগিতাৰ নিমিত্তে উক্ত সভাৰ সম্পাদকলৈ পঠোৱা হৈছিল। সৌভাগ্যৰ কথা, পৰীক্ষাত সকলোখিনি উপন্যাসৰ ভিতৰত সাধনাই প্ৰথম স্থান অধিকাৰ কৰি ঘোষণা কৰা পুৰস্কাৰ লাভ কৰিলে।

 সাধনাৰ প্ৰথম সংস্কৰণ ওলোৱাৰ পাচত গোটেই অসমতে এটা হুলস্থুল লাগি পৰিছিল। কেইবাখনো জিলাৰ লোকেই সাধনাত বৰ্ণিত ঘটনাৱলী তেওঁলোকৰ নিজৰ নিজৰ জিলাৰ বুলি ধৰি লৈ নানা প্ৰকাৰ প্ৰশ্ন আৰু মন্তব্য-প্ৰকাশ কৰিছিল; আন কি, কোনো-কোনোৱে উকীলৰ লগতো পৰামৰ্শ কৰিছিল। আন ফালে, বহুতো সাহিত্যিক আৰু শিক্ষিত মহিলাই লিখকক অভিনন্দিত কৰি তেওঁলোকৰ শুভ ইচ্ছা