পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অষ্টম অধ্যায়

সান্ধ্য ভোজন

 ওপৰত যিখন চহৰৰ কথা কোৱা হৈছে, তাৰ প্ৰায় সোঁ মাজতে এখন দোকান আছে। দোকানৰ তিনটা ভাগ। এভাগত যুৰোপীয়সকলৰ লাগতিয়াল বস্তু — কাপোৰ-কানি, পেৰা-পেটাৰি, জোতা, টুপী, বিলাতী মদ, চীনামাটিৰ পাত্ৰ, গাহৰিৰ মঙহ, বেদানা, আখৰোট, কিচ্‌মিচ্, বাদাম, চাট্‌নি, ঘোঁৰাৰ লাগতিয়াল সঁজুলি, বাইচাইকেলৰ সৰঞ্জাম আদি সুন্দৰকৈ সজোৱা; এখোটালিত বস্তু জমা থোৱা হয় আৰু ইখোটালিত মেনেজাৰ থাকে।

 মেনেজাৰৰ খোটালিটোৰ একাষে এখন চালপীৰা, তাৰ ওচৰতে গোটাচেৰেক পেৰা-পেটাৰি, এডাল কাপোৰ থোৱা ডাঁৰ, আৰু কিবাকিবি লাংখা-লিংখি ডোখৰচেৰেক। চালপীৰাৰ ওচৰতে বেৰত কেইখনমান থিয়েটাৰৰ অভিনেত্ৰীৰ আৰু এখন বিবস্ত্ৰা অপেচৰীৰ চিত্ৰ। খিৰিকীৰ ওচৰত এখন মেজত এখন দাপোণ এখন ফণি, এডাল বুৰুজ আৰু ক্ষৌৰকৰ্ম্মৰ সঁজুলি। বাকীডোখৰ ঠাইৰ মাজতে এখন ঘূৰণীয়া মেজ আৰু চাৰিওফালে কেইখনমান মাচিয়া। খোটালিটোত পুস্পসাৰ আৰু হুইস্কিৰ এটা বিকট মিহলি গোন্ধ সদায় থাকে।

 প্ৰায় সন্ধ্যা লাগোঁ লাগোঁ হৈছে; এনেতে গকুলচন্দ্ৰ দাস উকীল, কমলচন্দ্ৰ ৰাজখোৱা, পেন্সন-পোৱা হাকিম, সৰ্ব্বানন্দ দত্ত বেপাৰী, তপেশ্বৰ বৰ-মহৰী আৰু কৃষ্ণকুমাৰ কাকতী ওপৰত কোৱা খোটালিটোত সোমাই মাচিয়া কেইখনৰ কোলাত আশ্ৰয় গ্ৰহণ কৰিলে। দোকানৰ মেনেজাৰ গদাধৰ শৰ্ম্মায়ো তেওঁলোকৰ শাৰী পুৰালে।

— ৪৭ —