পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


একাদশ অধ্যায় দীনবন্ধুৰ মত গকুলচন্দ্র কমলচন্দ্র প্রভৃতিৰ চহিৰে দিয়া আখিন বৈ বৰচাহাবৰ ওচৰলৈ গ'ল, আৰু বেনামী চিঠি বিজ্ঞাপন আদিৰ কথা কৈ তাৰ উদ্দেশ্য কেনে হব পাৰে চাহবক জনালে। কার্য গতি দেখি চাহাবৰ মনত বিশ্বাস জন্মিল যে এইবােৰ কাৰ্যত কাৰবাৰ কিবা স্বার্থ আছে, নহলে এনে কুৎসিৎ পন্থা অৱলম্বন কৰিব কিয় ? বহুত বেলি আলােচনা কৰাৰ পিচত এয়ে স্থিৰ হ’ল যে গকুলচন্দ্ৰই বৰচাহাবৰ চহিৰে সৈতে প্রত্যেক স্বাক্ষৰকাৰীলৈ তেওঁৰ উদ্দেশ্য বিশেষভাবে আৰু বিশদৰূপে বর্ণাই লিখিবলৈ অনুৰােধ কৰি পত্ৰ লিখিব। তাৰ উত্তৰ পােৰ নবেম্বৰৰ ভিতৰতে সভাপতিৰ হাত পাবহি লাগিব। ষােল নবেম্বৰৰ দিনা স্বাক্ষৰকাৰী- সকল, চেক্রেটাৰী আৰু সভাপতিৰ ভিতৰত এখন ভিতৰুৱা সভা পাতি তাৰ আলােচনা কৰা হ'ব।' চেক্রেটাৰীয়ে তেতিয়া সেই মতেই সকলােলৈকে একোখন চিঠি দিলে। এই চিঠি পাই কমলচন্দ্র, কৃষ্ণকুমাৰ আৰু সৰ্বানন্দ বিমােৰ হ’ল। যদি দীনবন্ধু আৰু তেওঁৰ লগতে আন দুই এজনে তেওঁলােকৰ নিজামত লিখি দিয়ে, তেন্তে তেওঁলােকৰ সকলাে চেষ্টা, সকলাে কৌশল পণ্ড হ’ব। সেই কাৰণে তেওঁলােকে সেই দিনাই ঘৰে ঘৰে ঘূৰি সকলােকে ক'লে,-“বােধকৰো, আপােনালােকে স্কুলৰ চেক্রেটাৰীৰ পৰা কিবাকিবি সুধি লিখা কাকত এখন পাইছে, আপােনালােকে যেন গাই-গােটাৱাৰে তাৰ কোনাে উত্তৰ নিদিয়ে।