পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুপ্ত চিঠি

নাপালেও নহয়, সেই হে আজি থাকিব লগাত পৰিলোঁ। বস্তু-বাহানি জাহাজৰ কেৰাণীৰ জিম্মাত থৈ আহিছোঁ।

 লক্ষ্মী—আজি ৰাতি তেন্তে ইয়াতে থাকিবা?

 ৰমণী—নিশ্চয়, নহলে আৰু বাঁহ-তলত থাকিম নে?

 ঠিক এনে সময়তে ৰম্ভাৱতীয়ে অতি পৰিপাটীকৈ সাজপাৰ পিন্ধি থিয়েটাৰৰ নৰ্ত্তকীৰ দৰে তাত প্ৰৱেশ কৰিলে। ৰমণীয়ে একেৰাহে কিছুপৰ তেওঁলৈ চাই থাকি লক্ষ্মীকান্তক সুধিলে,-“এওঁ কোন?”

 লক্ষ্মী-মোৰ ভনী ৰম্ভাৱতী।

 ৰমণী—তোমাৰ ভনীয়েৰা? ইমান শকত-আৱত হ’ল কেতিয়া? বাঃ! সাজে-পাৰে গঢ়ে-গতিয়ে ঠিক যেন ‘পৰী’ হে। তোমাৰ যে এনে এজনী ভনী আছে সেই বাবে তুমি গৰ্ব্বিত হোৱা উচিত। পিচে শিক্ষা কিমান?

 লক্ষ্মী—শিক্ষাত ছাত্ৰবৃত্তি পাচ। বেজিৰ কাম আৰু সঙ্গীতত ভাল জ্ঞান আছে। ইংৰাজীও অলপ জানে।

ৰণী-Excellent! অতি উত্তম। একেবাৰেই যেন হ’ব লাগে তেনে; up to date.

 লক্ষ্মী—মই স্ত্ৰী-স্বাধীনতাৰ পক্ষপাতী, সেই কাৰণে মতা-মাইকী সকলোৰে আগত ওলোৱা সোমোৱাত আৰু আলাপ-পৰিচয় হোৱাত আপত্তি নকৰোঁ।

  ৰমণী—বেচ্‌ কথা। মোৰ মতে পৰ্দ্দা মানে সেইবোৰ যিবোৰৰ ৰূপ যৌৱন নাই, আৰু সমাজত ওলালে ছেই ছেই কৰাৰ সম্ভাৱনা। যাৰ ৰূপ আছে, যৌৱন আছে, শিক্ষা আছে, আৰু প্ৰশংসা-কৰোঁতা আছে, তেওঁৰ লুকাই থাকিবৰ কোন প্ৰয়োজন নাই।

  ৰমণীৰ কথা শুনি ৰম্ভাৰ হৃদয় আনন্দ আৰু গৰ্ব্বত স্ফীত হৈ উঠিল; অলপ লাজেৰে মিহলি মিচিকিয়া হাঁহিয়ে ওঁঠত নাচিবলৈ

-১৮৯-