সপ্তম অধ্যায়
বিচাৰ
আজি দীনবন্ধুৰ বিচাৰৰ দিন। তেওঁৰ ওপৰত অভিযোগ—তেওঁ “জাতীয় সমস্যা আৰু ৰাইজৰ কৰ্ত্তব্য” নামেৰে ৰাজদ্ৰোহসূচক কিতাপ এখন প্ৰচাৰ কৰিছে, আৰু য’তে ত’তে ৰাজদ্ৰোহজনক বক্তৃতা দি মানুহবিলাকক গৱৰ্ণমেণ্টৰ বিৰুদ্ধে উত্তেজিত কৰি তুলিছে।
দীনবন্ধু অভিযুক্ত হোৱাৰ কথা সকলো ঠাইতে জনাজাত হৈ পৰিছিল। আজি সেই কাৰণে বিচাৰ চাবলৈ বহুত ঠাইৰ পৰা মানুহ আহিছে। আদালত বহাৰ আগৰে পৰা শই শই মানুহ আহি কাছাৰী ঘৰৰ সন্মুখৰ পথাৰত জুম বান্ধিছে। সকলোৰে মুখত অশান্তি আৰু উৎকণ্ঠাৰ চিন।
দীনবন্ধুক সেই দিনা উমাকান্তই এহেজাৰ টকাৰ জামীন হৈ লৈ গৈছিল। তেওঁৰ পক্ষ সমৰ্থন কৰিবলৈ এজন বেৰিষ্টাৰ উপযাচি আহিছিল। দীনবন্ধুৰ বিশ্বাস আছিল যে ধৰ্ম্মবিচাৰ আদালত কেতিয়াবা ভুলতহে হয়, সেই কাৰণে তেওঁ সাক্ষী প্ৰমাণ আদিৰ নিমিত্তে বিশেষ ব্যস্ত নহৈ তেওঁৰ ফাটক হ'লে তেওঁৰ অনুষ্ঠানবোৰ কেনেকৈ চলিব তাৰ দিহা কৰাত লাগিল। দীনবন্ধুৱে যত যি বেমেজালি হ’ব পৰাৰ সম্ভাৱনা দেখিছিল, সেইবোৰ আগ ধৰি শৃঙ্খলা লগালে; কিছুমান কাৰ্য্যৰ তত্ত্বাৱধানৰ ভাৰ উমাকান্তৰ গাত দিলে; প্ৰভাৱতীৰ ওপৰতে শিক্ষাশ্ৰমৰ সম্পূৰ্ণ ভাৰ ন্যস্ত কৰিলে। পূৰ্ব্বে মুনিহ-তিৰোতা দুয়োবিধ ৰোগীৰ নিমিত্তে একে আশ্ৰমৰ ভাগ আছিল; এতিয়া তিৰোতাৰ ভাগটো শিক্ষাশ্ৰমৰ লগত সংলগ্ন কৰা হ'ল।
—৩৭৬—