পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ৰম্ভাক আনিবৰ নিমিত্তে জ্ঞানেন্দ্ৰৰো ইচ্ছা আছিল, গতিকে তেৱোঁ সুবিধা বিচাৰি নানা প্ৰকাৰে যত্ন কৰিবলৈ ধৰিলে৷ এনেতে হঠাৎ তেওঁৰ কপাল ফুলিল, মিশ্যন স্কুলত এজনা তলৰ শিক্ষয়িত্ৰীৰ কাম ওলাল। যিজন চাহাবৰ তলত জ্ঞানেন্দ্ৰই কাম কৰে, তেওঁ সেই মিশ্যনৰে এজন পাদুৰী। এই সুবিধাকে লৈ, আৰু ৰম্ভাক নিজৰ আত্মীয়া বুলি কৈ, জ্ঞানেন্দ্ৰই কামটো ৰম্ভাক দিয়াবলৈ দিনেৰাতিয়ে চাহাবক খাটিবলৈ ধৰিলে। শেহত জ্ঞানেন্দ্ৰৰ খাটনিৰ গুণ ধৰিলে, যদিও এই কামৰ নিমিত্তে অসংখ্য দৰ্খাস্ত পৰিছিল, তথাপি ৰম্ভাকেই নিযুক্ত কৰা স্থিৰ হ’ল। অৱশ্যে, ছমাহৰ কাৰ্য্য চাইহে নিগাজী কৰা-নকৰাৰ সিদ্ধান্ত হ’ব বুলিও জনোৱা হ’ল। জ্ঞানেন্দ্ৰই তেতিয়া ৰম্ভাক মাতি পঠিয়ালে। কলিকতাত কাম পোৱাৰ বাতৰি পাই ৰম্ভা আনন্দত উৎফুল্ল হৈ উঠিল, আৰু কলিকতালৈ যাবলৈ প্ৰস্তুত হ’ল। যদিও ঘৰৰ প্ৰায় কাৰৰ মত নাছিল, তথাপি ৰম্ভা যাবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ল; অগত্যা লক্ষ্মীকান্তই এসপ্তাহৰ ছুটি লৈ ভনীয়েকক কলিকতাত থৈ আহিবলৈ যাব লগাত পৰিল।

 স্নানাহাৰ সমাপ্ত হ’লত তিনিওজন বহি আলাপ কৰিবলৈ ধৰিলে। লক্ষ্মীকান্তই সুধিলে-পিচে, সিফালৰ পৰা কিবা খবৰ পাইছানে?

 জ্ঞান—পাইছোঁ।

 লক্ষ্মী—পিচে গঢ়-গতি কেনে?

 জ্ঞান—কেনে হ’ব! সকলে মিছা হ’ল। বোলে গালোঁ বালোঁ খোলাকটিৰ তাল। হওঁতে মই আগেয়ে জানিছিলোঁ, এনে সৰল মনৰ তিৰুতা মই আৰু দেখা নাই।

 লক্ষ্মী—তুমি বাৰু ইয়াৰ কাৰণটো কি বুলি ভাবা?

 জ্ঞান—মই বিশেষ একো ক’ব নোৱাৰোঁ, তথাপি মোৰ সন্দেহ হয়, তেও কাৰবাক বৰকৈ ভাল পায়।