প্ৰতাৰণা
উকীল—কোনে শিকালে তোমাক এনেবোৰ কথা! নিশ্চয়
সেই দীনবন্ধুৱে। সি নিজে ভদ্ৰতাৰ নাম-গোন্ধ নাজানে, আকৌ
লোকক ভদ্ৰতা শিকাবলৈ যায়!
প্ৰভাই বিৰক্তিৰ সুৰেৰে ক'লে,—“আপুনি যে মিছামিছিকৈ লোকক দোষাৰোপ কৰে, ইনো কোন দেশীয় ভদ্ৰতা?”
উকীল—মিছামিছিকৈ। সেইখন দীনবন্ধুৰ চিঠি নহয় নে? উস্! ইমান দিন তপস্বীৰ ভাও দি, এতিয়া প্ৰেমপত্ৰত ধৰিছে। এনে এটা ভয়ানক মানুহ মই দেখা নাই।
প্ৰভা—যাৰ মন যেনে সি আনকো তেনে দেখে।
উকীল—তুমি মোৰ ওচৰত লুকঢুক কৰিবলৈ চেষ্টা কৰিছা কিয়? হাতে হাতে ধৰা পৰিছা, তথাপি ফাঁকি!
প্ৰভাৰ পেটে-পেটে খং উঠিল। শেহত আত্মসংবৰণ কৰি ক'লে, —“যদিও লোকৰ চিঠি দেখুওৱা ভদ্ৰতা-বিৰুদ্ধ, তথাপি যেতিয়া আপোনাৰ এনে কুৎসিৎ সন্দেহ হৈছে, চাওক এইখন দীনবন্ধুৰ প্ৰেমপত্ৰ।”
উকীলে চিঠিখন লৈ পঢ়িলে। তাৰ পিচত নীৰৱে চিন্তা কৰিবলৈ ধৰিলে।
প্ৰভাই ক'লে—“পিচে, প্ৰেমপত্ৰ পঢ়া হ’ল নে?”
উকীল আগৰ দৰেই চিন্তামগ্ন হৈ থাকিল।
প্ৰভা-নামাতে দেখোন! কিনো ভাবিছে?
উকীল-দীনবন্ধুৰ উদ্দেশ্য কি তাকেই ভাবিছোঁ?
প্ৰভা—চিঠিত নো কি বুজিব নোৱৰা উদ্দেশ্য ওলাল?
উকীল-দীনবন্ধুৰ নিশ্চয় এটা অসৎ উদ্দেশ্য আছে; নইলে এইদৰে যুক্তিহীন মিছা কথা নিলিখিলেহেঁতন।
প্ৰভা- মিছা কথা! কোনবোৰ?
-১০৭-