পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা প্রভা—তােমাৰ পত্নী বর্তমান থাকোতে তােমাৰ এনে কথা। শুনিবলৈকে আপচু হৈছে। লক্ষ্মীপুৰুষৰ একাধিক বিবাহ আমাৰ দেশত সদায় চলি আহিছে, ইয়াত কোনাে নিন্দাৰ কথা নাই। তাতে মই মােৰ তিতাৰ পৰা সুখ পােৱা নাই। প্রভা—আৰু মই শুনিছো, তােমাৰ তিৰু এতিয়া পাটী এৰিব নােৱৰা অৱস্থাত। খােৱা-লােৱাৰ দুখত, তােমাৰ অত্যাচাৰ- উৎপীড়নত তেওঁৰ এই অৱস্থা। লক্ষ্মী—কিন্তু তুমি জানানে প্রভা, এই সকলােৰে মূল কোন? তােমাৰ নিমিত্তেই তাইৰ এই অবস্থা। তাই তােমাৰ মােৰ মিলনৰ বাটত কঁাইট হৈ থিয় দিব বুলিয়েই তাইক আঁতৰাবৰ চেষ্টা কৰিছে। প্রভা, জগতত মােৰ এনে কোনাে প্রিয় বস্তু নাই, যাক তােমাৰ নিমিত্তে বিসর্জন দিব নােৱাৰোঁ। প্রভা-ছিঃ, ছিঃ! কি ঘৃণা! এনে কথা উচ্চাৰণ কৰোঁতেও তােমাৰ জিভা আড়ষ্ট হােৱা নাই। তুমি তােমাৰ নীচ প্রবৃত্তি চৰিতাৰ্থ কৰিবৰ নিমিত্তে বিবাহিতা পত্নীক হত্যা কৰিব খুজিছা। ইয়াতকৈ আৰু পৈশাচিক কাম কি হ’ব পাৰে। লক্ষ্মী—তুমি এতিয়াও মােৰ অন্তৰ নুবুজিলা! তাত যে, তােমাৰ নামৰ বাহিৰে আৰু একো নাই। তুমি মােক দয়া কৰা প্রভা! প্রভা।—তুমি যদি এতিয়াই গৈ তােমাৰ পত্নীৰ ওচৰত সকলাে কথা কৈ ক্ষমা প্রার্থনা কৰা, তেন্তে তােমাক আগৰ দৰেই চিৰকাল জ্যেষ্ঠ ভ্রাতাৰ শাৰীত ৰাখিম। যদি নকৰা, তেন্তে আজিৰ পৰা মােৰ ঘৰত ভৰি নিদিবা-এয়ে মােৰ শেষ কথা।