পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

কোনোবা ব্ৰাহ্ম ডাঙৰ মানুহক বিয়া দিব পাৰিব বুলি পানীৰামে পেটে পেটে আশা ৰাখিছিল। সেই দেখিয়েই ৰম্ভাক বঙালী বালিকা-স্কুলতে পঢ়াই ছাত্ৰবৃত্তি পৰীক্ষা দিয়ালে। এতিয়া ৰম্ভা ঘৰতে আছে, পানীৰামে জীয়েকক সকলোপিনে সুশিক্ষিতা কৰিবৰ নিমিত্তে সম্প্ৰতি দুজন ঘৰুৱা শিক্ষক নিযুক্ত কৰি দিছে। এজনে চিত্ৰ আৰু গান-বাদ্য আৰু ইজনে ইংৰাজী শিকাবলৈ গাত লৈছে। শিক্ষক কেইজনক কোনো দৰমহা দিব নালাগে, পানীৰামৰ মুখত শুনা যায় তেওঁলোক পৰোপকাৰী মানুহ, সেই দেখি এনেয়ে শিকাব খুজিছে।

 উৰ্ব্বশী আৰু কুসুমকুমাৰীৰ কি হ’ল, তাকো ইমানতে কৈ লেঠা ছিঙি থোৱাই ভাল। পূৰ্ব্বে কোৱা হৈছে যে, পানীৰামৰ এখন পাম আছিল, তাক চলাবৰ নিমিত্তে দুটা হালোৱা ৰখা হৈছিল; ঘটনা-চক্ৰৰ বিষম ঠেলাত পৰি তাৰে এটাৰ লগত উৰ্ব্বশীৰ বিয়া দিবলৈ পানীৰাম বাধ্য হয়। দ্বিতীয়টো হালোৱায়ো নিয়মমতে দৰমহা নলৈ পানীৰামৰ হাততে জমা ৰাখিছিল; শেহত পাঁচ বছৰৰ মূৰত ঘৰলৈ যাবৰ ইচ্ছা কৰি পানীৰামক টকা সাধিলে। পানীৰামে দেখিলে তাক দৰমহা দিব লাগিলে একেবাৰেই তিনি শ টকা দিয়াত পৰিব; কিন্তু ইমান টকা তেওঁৰ এছোৱা কটা গলেও তেওঁ দিব নোৱাৰে। তেওঁ হালোৱাক নানা প্ৰকাৰ ফাঁকি দিবলৈ ধৰিলে। হালোৱাই কোনো টকা উলিয়াব নোৱাৰি আদালতৰ আশ্ৰয় ললে; টকা ডিক্ৰী হ’ল। পানীৰামে আন উপায় নেদেখি হালোৱাটোক বৰাই-বুজাই আনি কুসুমকুমাৰীক দি জোঁৱাই পাতিলে। ইয়াৰ দ্বাৰা তেওঁৰ তিনটা কাম হ’ল, যেনে :— প্ৰথম ধনখিনি ৰ’ল, দ্বিতীয় জোঁৱাই লাভ হ’ল, তৃতীয় বিনা দৰমহাতে ভৱিষ্যতলৈকো এটা হালোৱা মিলিল। সেই বাবে তেওঁ ঈশ্বৰক ধন্যবাদ দিলে।

 এইবোৰ ঘটনাৰ কিছুদিনৰ পিচত পানীৰামৰ বৰ ঘৈণী ঢুকায়

— ২২ —