পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দীনবন্ধু আহকাল কৰা দীনবন্ধুৰ স্বভাৱ, তথাপি প্রভাৰ বিষয়ে চিন্তাত যেন কিবা অলপ বিশেষত্ব আছিল। প্রভাক তেওঁৰ আদৰ্শমতে গঢ়ি তুলিবলৈ তেওঁ যি আশা ৰাখিছিল, হৈ যােৱা ঘটনা তাৰ মাজত সােমােৱাত সেই আশা ক্রমশঃ ক্ষীণ হৈ আহিল। তথাপি কেনেকৈ প্ৰভাক প্রলােভনৰ হাতৰ পৰা ৰক্ষা কৰিব, কেনেকৈ ষড়যন্ত্রৰ হাত এৰুৱাই, প্রভাক অবাটে নােযােৱাকৈ ৰাখিব, তাৰ উপায় উলিয়াবলৈ তেওঁ চিন্তা কৰিবলৈ ধৰিলে। প্রভাক সতর্ক কৰি দিবৰ মনেৰেই তেওঁ সেইদিনা “ভাৰতীয় নাৰীৰ স্বাধীনতা” শীর্ষক কিতাপখন পঠিয়াই দিছিল। এমাহমানৰ মূৰত প্ৰভাই কিতাপখন ঘূৰাই দিলে আৰু লগতে এখন চিঠিও পঠিয়ালে। চিঠিখন পঢ়ি দীনবন্ধুৱে এটা হুমুনিয়াহ কাঢ়িলে। চিঠিখন তেওঁৰ কিতাপৰ সমালােচনা মাত্র। দীনবন্ধুৱে ভাবিলে,প্রভাৰ ঘৰলৈ যােৱা মানুহবিলাকৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ এই চিঠি লিখিছে। চিঠিখনত যিবােৰ কথা আছিল, তাৰ ভিতৰত এই কেইটা প্রধান :- | (১) “আপুনি স্ত্রী-স্বাধীনতাৰ সীমাটো যিমান ঠেকাই ধৰিছে সি কেতিয়াও যথেষ্ট হ’ব নােৱাৰে। লকলােৱে লগত মাক বাপেক বা ককায়েকক লৈ ফুৰাব নােৱাৰে; তেনেহলে আপােনাৰ মতে তেনে তিৰু ঘৰতে সােমাই থাকিব লাগিব নে কি? তাই শিক্ষালাভ কৰিবলৈ নাইবা নিলগত কাম কাজ কৰিবলৈ অনুপযুক্ত নে? যদি নহয়, তেন্তে তেনে তিৰু অকলৈ ফুৰিলে উপায় কি ? বিলাতত মত তিৰু সকলাে সমান, তাৰ তিৰত আটাইবােৰ চৰিত্রহীনা নে? | (২) “বিবাহ সম্পর্কে আপুনি তিতাক যিমানখিনি স্বাধীনতা দিছে, আৰু যিমানখিনি অভিভাবকলৈ থৈছে, সিও মােৰ মতে ঠিক