ৰূপৰ বজাৰ
ঘৰটোৰ দুৰৱস্থা আৰু সঙ্কীৰ্ণতা দেখি ৰম্ভাৰ ভাল লগা নাছিল। আব্দুলৰ লগত গৈ তেওঁ ভাল কৰিলে নে বেয়া কৰিলে তাকে ঠিক কৰিব নোৱাৰিলে। কিন্তু তাৰ বাহিৰে আন উপায়ো তো নাছিল। হৈ যোৱাবোৰ ঘটনাৰ পিচত ঘৰলৈ গলেও তাত ঠাই পোৱাৰ সম্ভাৱনা কম হৈ পৰিছিল, শাৰীৰিক অৱস্থাও সিমান ভাল, নাছিল। আটাইবোৰ কথা ভাবি ৰম্ভাই কোনো আপত্তি নকৰি আব্দুলৰ লগত থকাকেই ভাল বিবেচনা কৰিলে।
ৰম্ভা আব্দুলৰ লগত দুসপ্তাহমান থকাৰ পিচত এদিন আব্দুলে ক’লে;—“মোৰ এজনী পেহী আছে, তেওঁৰ অৱস্থা খুব ভাল। মাজে-সময়ে মোক সাহায্যও কৰে। তোমাৰ কথা শুনি তেওঁ তোমাক চাবলৈ বৰকৈ হেঁপাহ কৰিছে। মই আজিয়েই যাম বুলি কৈ আহিছোঁ। তুমি সাজু হৈ থাকিবা, আবেলিলৈ যাব লাগিব।”
ৰম্ভা—তেওঁ কিমান দূৰত থাকে।
আব্দুল—বেচি দূৰৈ নহয়, ঘোঁৰাৰ গাড়ীৰে দহ মিনিটৰ বাট।
ৰম্ভা—বাৰু, যাব লাগে যদি যাম।
ওপৰৰ আলোচনামতে আবেলি ৰম্ভা আৰু আব্দুলে ঘৰৰ পৰা যাত্ৰা কৰিলে, আৰু কিছু সময়ৰ মূৰত এটা ঘৰৰ মুখত উপস্থিত হ’ল। কচোৱানক বিদায় দি দুয়ো ঘৰৰ ভিতৰলৈ সোমাই গ'ল, এজনী আদহীয়া তিৰোতাই তেওঁলোকক অভ্যৰ্থনা কৰিলে। মানুহজনীয়ে নানা প্ৰকাৰ মৰম লগা কথা কৈ তেওঁলোকক জা-জলপান খুৱালে, ৰম্ভাই তেওঁৰ ব্যৱহাৰত বৰ সন্তোষ পালে। এনেকৈ এঘণ্টামান সময় যোৱাৰ পাচত আব্দুল হঠাৎ বাহিৰলৈ ওলাল, ৰম্ভাই তেতিয়া তাত ভাবিবলগীয়া একো নেদেখিলে। কিন্তু বহুত বেলিৰ মূৰতো যেতিয়া আব্দুল ঘূৰি নগ’ল, তেতিয়া তেওঁৰ মনত নানা সন্দেহ জন্মিৰলৈ
ধৰিলে। মানুহজনীক সুধিলত ক'লে,—“তুমিনো তাকে ভাবিছা
-৩৭৩-