পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

বেচি টকাও পালেহেঁতেন, কিন্তু সন্মুখত হাস্যমুখী বালিকাক লৈ একেৰাহে দুঘণ্টা বহিবলৈ পোৱা জানো টকাতকৈ মল্যবান নহয়!

 শিৱৰামে সেইখিনিতে আশ্ৰয় লোৱাৰ পৰাই তেওঁৰ দল বাঢ়িবলৈ ধৰে। দীনবন্ধুৱে দিনে-ৰাতিয়ে আমনি পাই যিবোৰ মানুহক দূৰ কৰিছিল, সেইবোৰেও তেওঁৰ বহাতে গৈ আডডা পাতিছিল। ওচৰ- চুবুৰীয়া বুলি এওঁ দীনবন্ধুৰ তালৈকে দিনে তিনি-চাৰি বাৰকৈ আহিছিল।

 প্ৰভাৱতীৰ লগত দীনবন্ধুৰ চিঠিৰ চলাচল দেখি তেওঁ কি ভাবিছিল ক’ব নোৱাৰোঁ, কিন্তু মাজে মাজে দীনবন্ধুৱে প্ৰভাৰ চিঠি মেজৰ ওচৰতে এৰি কোনোবাফালে গলে, তেওঁ মনে মনে পঢ়িছিল। এই দৰে কিছুদিন যোৱাত এদিন তেওঁ দীনবন্ধুক ক’লে,- “আপোনাক এটা কথা কওঁ বুলিছোঁ, আপুনি বেয়া নাপাব। আপোনাৰ লগত প্ৰভাৱতীৰ প্ৰেমপত্ৰ চলে বুলি বহুতে কোৱাকুই কৰিছে, আৰু আপোনালৈ খোৱা বস্তু পঠিওৱাও বহুতে দেখিছে; সেই কাৰণে আপুনি কিছু সাৱধান হোৱা উচিত।

 দীন—ইয়াত সাৱধান বা অসাৱধান হোৱাৰ কোনো কথা নাই। মইতো কোনো কাম গোপনে কৰিবলৈ যোৱা নাই, মানুহে দেখাত মোৰ হানি, কিটো? বৰং মোৰ কাৰ্য্য যদি গোপনীয় হ’লহেঁতেন, তেতিয়াহে ভয়ৰ কাৰণ থাকিলহেঁতেন। মই যেতিয়ালৈকে দোষ নকৰোঁ, তেতিয়ালৈকে পৰৰ প্ৰলাপত কাণ দিয়াৰ আৱশ্যকতাও বোধ নকৰোঁ।

 শিৱ—সেইটো হয়, কিন্তু মিছাকৈ লোকৰ কথা শুনাহে টান। প্ৰভাৱতী দেখাতেই নীহ জাতৰ ছোৱালী। তাইৰ হাতে প্ৰকাশ্যভাবে জলপান খোৱাটো অন্যায়। এই বিষয়েও বাহিৰত ঘুনুক-ঘানাককৈ কিবাকিবি কথা ওলাইছে।

—২৬২—