পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দনিবন্ধু আহুকাল নহলে তুমি এতিয়া কৰা প্রশ্ন কেইটা কৰিব নালাগিলহেঁতেন। সেই আটাই কেইটা প্ৰশ্নৰ উত্তৰ তাতে আছে। তােমাৰ প্রথম আপত্তি-স্বাধীনতাৰ সীমা বৰ ঠেক হৈছে। দেশ, কাল, পাত্র অনুযায়ী যে সেই সীমা ঠেক বা বহল হােৱা উচিত, তাক মই আগৰ চিঠিতে দেখুৱাইছো। তুমি বিলাতৰ স্ত্রী-স্বাধীনতাৰ কথা কৈছা, কিন্তু আমাৰ দেশ যে বিলাত নহয়, সেইটো পাহৰা কিয় ? তাত কেঁচুৱাৰ পৰা বুঢ়ালৈকে সকলাে মতা-তিতা একেলগে ফুৰিব পাৰে ; যাৰে তাৰে লগত কথা- বতৰা পাতিব পাৰে। সেইকাৰণে তাত একো নতুনত্ব নাই, সি এটা দেশীয় প্রথা মাথােন। কিন্তু আমাৰ দেশত মতা- তিতা সদায় বেলেগে থকা, বেলেগে ফুৰা-চকাই নিয়ম; সেইকাৰণে হঠাৎ তাত ব্যতিক্রম ঘটিলে সি সকলােৰে চকুত পৰে, আৰু আন পিনে মতা-তিতাৰ তেনে সমাগমৰ প্ৰচলন নথকাত যেয়ে সেয়ে আত্মসংযম কৰিব নােৱাৰে। আকৌ তােমাৰ কথাৰ পৰা যেনে বুজা গৈছে, তুমি বিলাতী স্ত্রী-স্বাধীনতাক ঠিক উদঙীয়া গৰুৰ স্বাধীনতাৰ শাৰীত ধৰিছা, আচলতে কিন্তু তেনে স্বাধীনতা কোন সভা সমাজত নাই। বিলাতৰ ভাল মানুহৰ তিৰুতাই নিজৰ স্বামী বা আত্মীয় মানুহ, নাইবা দাস-দাসী অথবা শৰীৰৰক্ষী লগত নােলােৱাকৈ কেতিয়াও দেশ বিদেশত মুফুৰে। আমাৰ দেশতত যিসকল ব্ৰহ্মবাদিনীয়ে পূৰ্বকালত সভা-সমিতিত যােগ দিছিল, তেওঁলােকেও নিজৰ স্বামী বা আপােন মানুহ লগত লৈহে তেনে কৰিছিল। ইয়াৰ লগতে আৰু এটা কথা মনত ৰখা উচিত যে আমাৰ মানুহ এতিয়া আগৰ দৰে শিক্ষিত নহয়, তিৰুতা দেখিলে সম্মান দেখুওৱা দূৰৰ কথা, যাকে তাকে সকাম দৃষ্টিপাত কৰাহে দেখা যায়। তুমি বিলাতৰ কথা কৈই, কিন্তু তাৰ অশিক্ষিত -১৩ -