পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

দেখুৱাবলৈ ৰাতি গহীন হলে আহিব বুলি লিখিছিল। মই দুয়োটা প্ৰস্তাৱকে অগ্ৰাহ্য কৰিলোঁ। মোৰ সমিধান পাই শিৱই আকৌ লিখিলে,—“মই অনুৰোধ কৰিলে নোৱাৰা, কিন্তু দীনবন্ধুৱে ক’লে এতিয়াই পাৰিবা হবলা।” মই তাৰ কোনো উত্তৰ নিদি মনে মনে থাকিলোঁ। পিচ দিনা ৰাতি সি আকৌ মানুহ এটাৰ হাতত এখন চিঠি দি পঠিয়ালে; তাত লিখিছিল,—“প্ৰিয়তমে, আজি ভাত খাই উঠি তোমাৰ তাত মুহুদি কৰিবলৈ যাম, তোমাৰ কোনো আপত্তি নুশুনো।” মই খঙত চিঠিখন ফালি-ছিৰি পেলালোঁ। প্ৰথমেই তাৰ কোনো উত্তৰ নিদিওঁ বুলি স্থিৰ কৰিছিলোঁ, কিন্তু পিচত ভাবিলোঁ যদি মনে মনে থাকিলে সি মোৰ আপত্তি নাই বুলি বুজে, তেনেহলে হয়তো সি আহিবও পাৰে। ইয়াকে ভাবি লিখিলোঁ,--“সাৱধান! মোৰ চাৰি সীমাৰ ভিতৰত ভৰি নিদিবাঁ, নতুবা বিপদ ঘটিব।” ইয়াকে লিখি মানুহটোৰ হাতত দি পঠিয়ালোঁ। তেতিয়া মোৰ বৰ ভয় লাগিছিল, এবাৰ আপোনাক জনাবও খুজিছিলোঁ, কিন্তু আশঙ্কা হ’ল, কি জানি শিৱক লাই দি ইমানলৈ সাহ কৰিব পৰা কৰিছোঁ বুলি আপুনি মোক খং কৰে। শেহত একো নকৰি ভালকৈ দুৱাৰ-ঘৰ মাৰি সাৱধান হৈ শুই থাকিলোঁ। সি আহিছিল নে নাই ক’ব নোৱাৰোঁ।

 পৰহি ভাইটো থিয়েটাৰ চাবলৈ গৈছিল। যদিও মোৰ পেটত ভয় আছিল, তথাপি তাক ভয়ৰ আচল কাৰণটো কবলৈ লাজ লাগিল। এনেয়ে মোৰ ভয় লাগে বুলি তাক যাবলৈ মানা কৰিছিলোঁ, কিন্তু সি মোৰ হাক নুশুনি গুচি গ’ল। মই বহুত ৰাতিলৈকে সাৰে থাকি শেহত পাটীত পৰিলোঁ। কেতিয়া টোপনি আহিল ক’ব নোৱাৰোঁ।

 হঠাৎ এটা গোলমাল শুনি মোৰ টোপনি ভাগিল। চকু মেলি যি দৃশ্য দেখিলোঁ, তাক আৰু কি ক’ম! ঘৰৰ খিৰিকীখন এৰুৱাই থোৱা

আছে আৰু ভাইটোৱে শিৱক মাৰিবলৈ লাখুটি ভাঙিছে, কিন্তু মাৰ

-২৭৬-