পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱম অধ্যায় উপসংহাৰ দীনবন্ধু ফাটেকলৈ যােৱাৰ পৰা ছমাহ হৈছে। ইয়াৰ ভিতৰত প্ৰভাৱতীয়ে আশ্ৰমৰ বহুত উন্নতি সাধন কৰিলে। তেওঁ আজি- কালি আগতকৈও দুগুণ উৎসাহেৰে কাম কৰে। তেওঁৰ সদায় চিন্তা—দীনবন্ধুৱে তেওঁৰ ওপৰত যি কাৰ্য্যৰ ভাৰ দি গৈছে, তেওঁ ঘূৰি আহি যেন তাক সুসম্পন্ন দেখিবলৈ পায়। খেতি-বাতিৰ সম্পর্কেও তেও সদায় ভূ লৈ থাকে আৰু আৱশ্যক মতে গঙ্গাক উপদেশ দিয়ে। গঙ্গায় সকলাে কাৰ্য্য এনে পৰিপাটীকৈ কৰিছে যে দানবন্ধু থকা হলেও তাতকৈ ভালকৈ কৰিব নােৱাৰিলেহেঁতেন। মুঠতে পুৰণি অনুষ্ঠান আৰু কাৰ্যাদি যেনে ভাবে চলিছে, তালৈ চাই দীনবন্ধু নােহােৱাৰ পৰা কোনাে ক্ষতি হােৱা নাই; মাত্র যেই সেই নতুন সমস্যা ওলালেহে দীনবন্ধুৰ অভাৱ বিশেষভাবে অনুভৱ কৰিব লগাত পৰে। আগেয়ে কোৱা হৈছে প্ৰভাৱতী থকা ঘৰটোৰ দুটা খােটালি এটাত তেওঁ আৰু তেওঁৰ ব্যৱহাৰত লগা বস্তু থাকে। ইরে খােটালি প্রায়ে বন্ধ থাকে ; নিটোৰ ভিতৰত সাধাৰণতঃ দুবাৰ মাথাে প্ৰভাৱতী তালৈ সােমায়। এবাৰ ৰাতিপুৱা ব্ৰহ্মপুত্ৰত স্নান কৰি আহি, আৰু এবাৰ সন্ধ্যা সময়ত স্নানৰ পিচত। এই খােটালিটোত কি আছে, প্রভাৰ বাহিৰে আনে কেতিয়াও দেখা নাই। অনুমানত বুজা যায়তেওঁ তাত দেৱাৰ্চনা কৰে। উষাৰ যদিও বেচি ভাগ সময় প্রভাৰ লগতে যায়, তথাপি তেৱে এই খােটালিত, কি আছে ক’ৰ নােৱাৰে। কেতিয়াবা দুয়াে কি