ৰম্ভাই “কপি-বুকত” লিখা আখৰ দেখুৱালে, উকীলে বহিখন আগত থৈ আকৌ ৰম্ভাৰ মুখলৈ চাই ভেলেকা লাগিল। ৰম্ভাই উকীলৰ এনে গঢ়-গতি সদায় দেখি আহিছে, গতিকে তাত আচৰিত নামানিলে। উকীলে আপোনা-আপুনি কবলৈ ধৰিলে — “ৰম্ভা আৰু প্ৰভা — কোন বেচি সুন্দৰী? প্ৰভাৰ মুখখন বেচি গঢ়িত; কিন্তু ৰম্ভাৰ চকুত পাক বেচি। প্ৰভাৰ ওঁঠত হাঁহি নাই, ৰম্ভাৰ মুখত আছে। প্ৰভাই মানুহৰ আদৰ ল’ব নাজানে, ৰম্ভাই জানে। ৰম্ভা থাকোঁতে প্ৰভাৰ প্ৰয়োজন কি?”
ৰম্ভাই যদিও তেওঁৰ শিক্ষকৰ স্বভাৱ জানে, তথাপি এইবোৰ কথাৰ একো তত ধৰিব নোৱাৰিলে; সেই দেখি প্ৰশ্ন কৰিলে, — “আপুনি এইবোৰ কি বলকিছে?”
উকীল — তুমি কিমান সুন্দৰ তাকে কৈছোঁ।
ৰম্ভা — কিয়? মই আজি হঠাৎ সুন্দৰী হলোঁনেকি? নে আগেয়ে ঘিণ-লগা আছিলোঁ।
উকীল — What do you say? তুমি কি কৈছা? By Jove, তুমি আগেয়েও সুন্দৰী আছিলা, এতিয়াও আছা, আগলৈকো থাকিবা। বাৰু ৰম্ভা কোন জানা?
ৰম্ভা — কিয় মই।
উকীল — আৰু কোন?
ৰম্ভা — আৰু কোন নো হ’ব?
উকীল — কিয় স্বৰ্গৰ অপেচৰা, heavenly nymph — সদায় সুন্দৰী, সদায় যুৱতী, সদায় হাঁহি, সদায় নাচগান। কি মজা! ঠিক তুমি সেই ৰম্ভাই। পৃথিবীলৈ আহিছা কাৰবাৰ তপস্যা ভাঙিবলৈ। That's I, O my darling, thou art mine.
এনেকৈ কৈয়েই উকীল বহাৰ পৰা উঠি ৰম্ভাৰ গালৈ চাপি গ’ল।