সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

 দীনবন্ধুৰ কথা শুনি ৰাজখোৱা, কৃষ্ণকুমাৰ, আৰু সৰ্ব্বানন্দই একে আষাৰে কৈ উঠিল,- “সেইবোৰ পিচ কথা। প্ৰথমে গকুলচন্দ্ৰক চেক্ৰেটাৰী নাভাঙিলে আমি আমাৰ ছোৱালী পঢ়িবলৈ নিদিওঁ, আৰু আন মানুহকো ছোৱালী পঠিয়াবলৈ হাক দিম।

 ভূতনাথ — মোৰো সৈয়ে কথা। গকুল উকাল চেক্ৰেটাৰী থাকিলে মই সেই স্কুল ভাঙিহে এৰিম৷ কালিলৈকে মই প্ৰত্যেক ছোৱালীৰ অভিভাৱকৰ ওচৰলৈ গৈ সকলোকে ক’ম বোলো সেই স্কুলত ছোৱালী পঢ়িবলৈ দিলে নষ্ট কৰা হ’ব মাথোন। মুঠতে যি উপায়েৰে হওক গাঁৱৰ ছোৱালী অহা বন্ধ কৰিম।

 দীন — সেইবোৰ কথা মোক কোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ যেনে ইচ্ছা তেনে কৰক। মই যি ভাল বুজিছো তাকে কৰিম। আজিয়েই মই মোৰ মত জনাই চিঠি লিখিম। আপোনালোকক মাত্ৰ ইয়াকে কওঁ যে মোক চোৰাংচোৱা পাতি, পৰহিংসক পাতি, আপোনালোকৰ স্বাৰ্থসিদ্ধি কৰিবলৈ আগলৈ আৰু মই কোনো সুবিধা দিব নোৱাৰোঁ। আপোনালোকেও মনত ৰাখিব এইখন পিশাচৰ ৰাজ্য নহয়। আকৌ যদি আপোনালোকে নিৰ্দ্দোষ মানুহৰ গাত কলঙ্ক সানি আপোনালোকৰ নীচতাৰ পৰিচয় দিয়ে, তেন্তে দীনবন্ধুক আপোনালোকৰ বিৰুদ্ধে থিয় দিয়া দেখিবলৈ পাব।

 এইদৰে কৈয়েই দীনবন্ধু মেলৰ পৰা উঠি গুচি আহিল, লগে লগে আৰু কেইবাজনো উঠিল। তেওঁলোক ওলাই আহিলত ৰাজখোৱাই ক’লে,-“উঃ! এই কম তিৰুতা নহয়। দীনবন্ধুকো যেতিয়া হাত কৰিলে, অইন আৰু কোন কুটা ! নহলে বাৰু দীনবন্ধুৱে আগেয়ে নিজে গুৰিয়াল হৈ কাম কৰি, এতিয়া লোকৰ গাত দোষ দি টুপাই বুৰ মাৰে নে?

 কৃষ্ণকুমাৰ — যিমানেই ধাৰ্ম্মিক হওক, ডঙুৱা মানুহক বিশ্বাস কৰিব নোৱাৰি৷

— ২০০ —