পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শিক্ষয়িত্রী অপযশ তেওঁলােকৰ বিশেষত্বটো বেগাই মানুহৰ চকুত পৰে। দ্বিতীয়তে নিম্নশ্রেণীৰ মানুহতকৈ উচ্চশ্রেণীৰ মানুহ অবৰােধ প্ৰথাৰ বেচি পক্ষপাতী। সেই কাৰণে শিক্ষিতা তিতাৰ বেচি ভাগ এই নিম্নশ্রেণীৰ নাইবা দেশী খৃষ্টানৰ ভিতৰত পৰে। পুৰুষৰ হ'লে উচ্চ শ্ৰেণীৰ ভিতৰতহে শিক্ষিত সংখ্যা বেচি। আকৌ পুৰুষৰ শিক্ষা নিজৰ ঠাইত, নিজৰ দেশৰ, নিজৰ ধৰ্ম্মৰ মানুহৰ তলতেই প্ৰায়ে আৰম্ভ হয়, কিন্তু স্ত্রী-শিক্ষাৰ সকলাে ঠাইতে সুচল নথকাত ছােৱালীহঁতক হয় লৰাৰ স্কুলত, নাইবা বিজাতীয় বিধর্মী শিক্ষক-শিক্ষয়িত্ৰীৰ তলত স্থানান্তৰত শিক্ষা দিয়া হয়, ধৰা কোনােবা মিশনেৰী স্কুলত। অকল এয়ে নহয়, শিক্ষিত মহিলাসকলে প্রায়ে বিলাতী মেমৰ আদৰ্শত চলিবলৈ বিচাৰে, কিন্তু মতা-তিতা সকলাে যেতিয়ালৈকে সুশিক্ষিত নহয়, তেতিয়ালৈকে তেনে চলন- ফিৰণৰ পৰা ব্যভিচাৰ দোষ ঘটাৰ ভয় আছে। এতিয়া এই কেইটা কথা অলপ দকৈ গমি চালেই শিক্ষয়িত্ৰীৰ অপযশৰ বহুতাে কাৰণ দেখিবলৈ পাবা! তুমি জানা যে ভাৰতীয় জাঙ্গিবিভাগ আন দেশৰ নিচিনাকৈ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰি গুণ আৰু কৰ্ম্মৰ ওপৰত নিৰ্ভৰ কৰে ; তাৰ পৰাই সহজে বুজা যায় যে যি জাতত নীহ, সি সাধাৰণতঃ গুণতাে নীহ আৰু চুবুৰীয়াসকলে তেনে হলে আদৰ্শত নী; কেতিয়াবাহে ইয়াৰ ব্যতিক্রম দেখা যায়। ভাল শিক্ষা নহলে এনে মানুহ উন্নত চৰিত্ৰৰ অধিকাৰী হৈ উচ্চ বর্ণ লাভ কৰা এক প্ৰকাৰ অসম্ভৱ। সেই বুলি মই কোৱা নাই যে মানুহ সদায় একে সীমাৰ ভিতৰতে আবদ্ধ থাকিব, কিন্তু বংশানুক্রমিক কুসংস্কাৰৰ হাত এৰাই ওপৰলৈ উঠিবলৈ যে সজ শিক্ষা আৰু সাধনা লাগিব, তাত কোন সন্দেহ নাই। এনে মানুহ সাধাৰণতঃ উচ্চ শ্ৰেণীৰ মানুহতকৈ বেচি অসংযত, সেই কাৰণে প্রকৃত মানুহ কৰি গঢ়ি তুলিব খুজিলে, এওঁ- লােক সংযম-শিক্ষা দিয়াই প্রধান কর্তব্য। কিন্তু আধুনিক শিক্ষা-