পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দশম অধ্যায় গুপ্ত চিঠি দিনটোৰ অক্লান্ত ভ্ৰমণৰ পিচত দিনমণিয়ে পশ্চিম সাগৰত সুশীতল শয্যা গ্ৰহণ কৰাৰ পৰা প্রায় একঘণ্টামান হৈছে। চন্দ্ৰহীন আকাশত নক্ষত্ৰৰ ক্ষীণ ৰশ্মি আৰু তলত জোনাকীৰ সাময়িক জ্যোতিয়ে পৃথিবী বুকুত চকা-চমকা পােহৰ ছটিয়াই দিছে। গাৱৰ বাটত যদিও মানুহৰ সমাগম কম, নগৰৰ ভিতৰত এতিয়াও তাৰ অন্ত পৰা নাই। বুঢ়া- ডেকা সকলােৱে তেওঁলােকৰ আড়াই আড়াই হয় তাচ-পাশা খেলিছে, নহয় পৰনিন্দা চর্চা কৰিছে। এনে সময়ত এজন ডেকা মানুহ লক্ষ্মীকান্তৰ ঘৰলৈ সােমাল। তেওঁৰ সাজপাৰ সম্পূর্ণ ইংৰাজৰ পৰা ধাৰ কৰা; কিন্তু বহুত যত্নেৰেও গাৰ বৰণটো পাৰ কৰিব পৰা নাই। পাউডাৰৰ গুণত ৰাতিৰ আন্ধাৰত ইংৰাজ বুলি পৰিচয় দিব পাৰে, কিন্তু দিনৰ ভিতৰত “নেটিভ নিগাৰ” আখ্যা নলবৰ কোনাে উপায় নাই। বুট জোতাৰ শব্দেৰে লক্ষ্মীকান্তৰ চমক ভাঙি তেওঁ ভিতৰলৈ সােমাই গ'ল। লক্ষ্মীকান্ত যদিও সাধাৰণতঃ এনে সময়ত ঘৰত নাথাকে, তথাপি আজি তেওঁ কলৈকো যােৱা নাছিল, বােধকৰে। এই মানুহজন- লৈকে অপেক্ষা কৰিছিল। লক্ষ্মীকান্তই যথানিয়মে এই অভ্যাগতক অভ্যর্থনা কৰিলে; তাৰ পিচত সুধিলে, “খবৰ কি?” “খবৰ মুঠতে ভাল নহয়।” “কিয়? কিবা সন্দেহ কৰিলে নেকি?” “সন্দেহ বােধকৰো কৰা নাই।” “তেনেহলে ভাল নােহােৱাৰ কাৰণ কি?” “তেওঁ কয়, যদিও তেওঁ সেই বিষয়ে লিখিছিল, তথাপি ভাবিচিন্তি ১৮।