পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চম অধ্যায় কবিৰ প্ৰেম দীনবন্ধুৱে ঘৰত ভৰি দিয়েই প্ৰভাৱতীক দেখা পালে; কিন্তু ই কি । প্ৰভাৰ সেই উজ্জ্বলতা, সেই সৌন্দৰ্য, সেই বেশ-ভূষা একো নাই। তেওঁৰ মুখ মলিন, চকু ঘােপত সােমােৱা, চুলিবিলাক আউল- বাউল, শৰীৰ অতিশয় ক্ষীণ, যেন তেওঁ অলপতে মাথােন কিবা ৰােগৰ পৰা মুক্ত হৈছে। তেওঁ একেৰাহে দীনবন্ধুলৈ চাই থাকিল। দীনবন্ধুৱে অলপ সময় বিশ্রাম লােৱাৰ পিচত স্নান কৰিলে, আৰু চাহ জলপান খালে। এনেতে প্ৰভাৱতীৰ পৰা এখন কাপােৰেৰে ঢকা থাল আৰু এখন চিঠি আহিল। থালখনত কেইবা বিধৰৰ খােৱা বস্তু সুন্দৰকৈ সজোৱা। দীনবন্ধু আহাৰৰ সদ্ব্যৱহাৰ কৰা আৰু চিঠি পঢ়া দুয়ােটা কামত একেলগে লাগি গ'ল। চিঠিখন এই শ্ৰীচৰণকমলেষু, প্রথমেই মােৰ শতকোটি দণ্ডৱ গ্ৰহণ কৰিব। মই আপােনাৰ ওচৰত শত অপৰাধত অপৰাধিনী। মই দীন-হীনা, জ্ঞানশূন্য অবলা ; আপুনি জ্ঞানী, সংযমী, পৰোপকাৰী মহাত্মা। মােৰ সকলাে দোষ নিজ গুণে মৰিষণ কৰি মােৰ সেৱা গ্ৰহণ কৰিবনে ? | মােৰ মতিভ্রম হৈছিল ; নহলে আপােনাৰ দৰে দেৱতাৰ কাৰ্যত পৈশাচিক অভিপ্রায় দেখিবলৈ পাওঁনে? উ। মােৰ যে অন্তৰ শতধা বিদীর্ণ হৈ গৈছে। প্রথমৰে পৰা আপােনাৰ বিৰুদ্ধে মােক বহুতে কিবাকিবি কৈছিল, মই কিন্তু তাক বিশ্বাস কৰা নাছিলোঁ। আনকি, আপুনিয়েই বিজ্ঞাপন - ২৪৪ -