পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উপসংহা প্রভ-দেৱতাৰ উদ্দেশ্যে কৰা কাম সিমান লি। নহয়; | বুলিলেই দেশে কৰা কাম বুলিলেই যে কৰিব পাৰি, তেনে নাভাবিবা। তালৈ সাধনা লাল, দেৱতাক ভালকৈ দেখিব পাৰিব লাগে। অন্তশ্চকুৰে আগত দেৱতাৰ বিৰাট বিশ্বৰূপ প্রতিষ্ঠা কৰিব লাগে। তেতিয়াহে তােমাৰ কথা তেওঁ শুনিব, তুমিও তেওঁৰ কথা শুনিবলৈ পাবা। এই অৱস্থা লাভ কৰা দুই-এদিনৰ কাম নহয়। সেই দেখিয়েই প্রথমে স্থূলভাবে এই স্কুল চকুৰে চাবলৈ অভ্যাস কৰিব লাগিব। | ঊষা—তুমি যেনেকৈ শিকোৱা, মই ঠিক তেনেকৈ চলিৰলৈ সাজু আছে। | প্রভাশুনা তেন্তে। মই আগেয়ে কৈছোঁ মই এতিয়ালৈকে দেৱতাৰ পূজা-সেৱাৰ সম্পূর্ণ তাৰ ল'ব পৰা নাই। মই তেওঁৰ চিন্তাৰ যজ্ঞত হবি যােগাইছে, তাৰ পৰা যি প্ৰসৱ হৈছে তাৰু ডাঙৰ-দীঘল কৰিবলৈ যত্ন কৰিছে। কিন্তু দেৱতাৰ শাৰীৰিক আৰু সাংসাৰিক স্বচ্ছন্দতাৰ নিমিত্তে তেওঁৰ সেৱাৰ কোনাে ব্যৱস্থা হােৱা নাই। তাৰ দিহা তুমি কৰিব লাগিব। উষা—সেৱাৰ দিহা কৰা টান নহয়, কিন্তু দেৱতাই বে গ্রহণ নকৰে। প্রভা-যত্নৰ অসাধ্য একো নাই। সাধনাত সকলে সিদ্ধি হয়। সুকীয়াভাবে আমি তেওঁৰ সম্পূর্ণ পূজাৰ অধিকাৰিণী হৰ পৰা নাই। আহা, আজি দুয়াে মিলি পূর্ণতা লাভ কৰে। উষা—সেইটো তােমাৰ দয়া। প্রভাবাৰু আহা, এতিয়া স্নান কৰি আহে। তেতিয়া সা লাগে লাগো হৈছিল; দুয়ো হাত বাৰিকৈ গৈ স্নান কৰিলে আৰু কাপােৰ-কানি সলাই লৈ আহিল। আর পিত ফুলনিলৈ গৈ দুয়াে একো একোট তুলি আনিলে।