কঁপা বুকু লৰে চৰে; ঘামৰ টোপাল মুখত পৰে,
খোপাটি সুলকি নাচে ধৰি কিযে ধুন!
ঘনাই ঘনাই উচাপ খাই আছা কালৈ বাট চাই?
তোমাৰ প্ৰাণৰ সঙ্গী বাৰু কোন নো কোৱাঁচোন।
ৰম্ভাই গহীন হৈ মাত লগালে :— “যাওক, ধেমালি ভাল নালাগে।
মহেশে কিন্তু তাৰ উত্তৰ নিদি গাবলৈ ধৰিলে :—
ভোল গলোঁ তোমাৰ ৰূপত, চাপি আহাঁ সুমাওঁ বুকত,
এবাৰ মাথোন হাঁহি-মুখে কথা কোৱাঁ সোণ।
ৰম্ভাই তেতিয়া মুখেৰে একো নামাতি বহাৰ পৰা উঠিল, যেন তাৰ পৰা ওলাই যাব খুজিছে। মহেশে ৰম্ভাৰ হাতত থাপ মাৰি ধৰি কলে, —“আজি ইমান অভিমান কিয়? বিশেষ কাম থকাত ঠিক সময়ত আহিব নোৱাৰিলোঁ —চন্দ্ৰসূৰ্য্যৰো এদিন গ্ৰহণ লাগে, —তাতেই ইমান খং কৰিব লাগে নে?
ৰম্ভা — খং কৰিবলৈ মোৰ কি অধিকাৰ আছে? আপুনি নাহিলেতো মই বলেৰে আনিব নোৱাৰোঁ।
মহেশ — মই জানো এতিয়া নহাকৈ আছোঁ?
ৰম্ভা — এতিয়া অহা নহা একে কথা। এতিয়াতো আৰু গান শিকা নহয়, অলপ পিচতে উকীল পাবহিয়েই।
মহেশ — তুমি বোধকৰোঁ জানা মই তোমাৰ ওচৰত থকাখিনি সময় স্বৰ্গত থকা যেন পাওঁ, তেনেস্থলত পাৰোঁতেনো বাৰু পলম কৰোঁনে?
ৰম্ভা — বুজিছোঁ, মোৰ ওচৰলৈ অহাৰ পৰা আপোনাৰ লাভ নহয়, মোৰ পৰা দৰমহা নাপায়; সেই দেখিয়েই অহাত পলম হয়।