সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্দ্দশ অধ্যায়

ৰোগী শুশ্ৰূষা


 আজি কেইবাদিনো হৈছে প্ৰভাৱতীৰ জ্বৰ। আগৰ কেইদিন জ্বৰ সিমান বেচি নাছিল, কিন্তু আজি পুৱাৰ পৰা অতিপাত কৈ বাঢ়িছে। দীনবন্ধুৱে কিন্তু সিমান বেচি হৈছে বুলি গম পোৱা নাই।

 দীনবন্ধুৱে গম নোপোৱাৰ কাৰণ হৈছে, আজি কিছুমান দিন তেওঁ দিনৰ ভিতৰত ঘৰত থাকিবলৈ পোৱা নাই। নগৰৰ পৰা ডেৰ মাইলমান দূৰত এটা পাহাৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰত দীনবন্ধুৰ দহ কি বাৰ পুৰামান মাটি আছিল। এই মাটিত তেওঁ বছৰি আহু ধান, মৰাপাট, সৰিয়হ, মাহ আদিৰ খেতি কৰে। এইবাৰ কিন্তু গোটেইখিনি মাটিত খেতি কৰা নাই; এডোখৰত খেতি কৰি ইডোখৰত কিছুমান ঘৰ সজাইছে। মাটিডোখৰৰ সন্মুখৰ ফালে এটা সৰু দুচলীয়া ঘৰ, তাৰপৰা অলপ ভিতৰলৈ এটা চাৰিচলীয়া ঘৰ। এই ঘৰটোৰ পৰা অলপ ভিতৰলৈ আৰু দুটা ঘৰ৷—এটা চাৰিচলীয়া, তাৰ খোটালি দুটা, আৰু ইটো দুচলীয়া সৰু ঘৰ। তাৰ পৰা ভিতৰ ফাললৈ দুটা বৰ দীঘল আৰু এটা তাতকৈ অলপ চুটি দুচলীয়া ঘৰ। এফালে দাঁতিত আৰু এটা সাধাৰণ ঘৰ।

 এইবোৰ ঘৰ সজাওঁতে দীনবন্ধুৰ বৰ বেচি খৰচ পৰা নাই। গাৱঁৰ মানুহে দীনবন্ধুৰ অনুৰোধমতে কাঠ-বাঁহ, খেৰ-ইকৰা আদি যি যেনেকৈ পাৰে দি বিনা বানচতে সাজি দিছে। শালৰ খুঁটা, বেত, আৰু গজাল

কিনোতে মাথোন তেওঁৰ সাত কি আঠ শ মান টকা খৰচ হৈছে।

-২৯৮-