দোষ কাৰ?
মহেশ—অইনবোৰ যে মেলা আছিল, এইটো খোটালি বন্ধ কৰিছিলি কিয়?
ঘৈণীয়েকে আগৰ দৰেই সেপ ঢুকি উত্তৰ দিলে,—“অকলৈ ভয় লাগে দেখি।”
মহেশ—অকলৈ ভয় লাগে দেখি নে লগেৰে ভয় লাগে দেখি?
ঘৈণীয়েক নিমাত হ'ল।
মহেশ—ক, ভিতৰত কোন আছিল?
ঘৈণী—কোননো থাকিব?
মহেশ—তেনেহলে কথা পাতিছিলি কাৰ লগত?
ঘৈণী—কাৰে কথা পতিম। এনেয়ে কিবা এটা গুণ-গুণাই গাইছিলোঁ।
মহেশ—এতিয়াও ফাঁকি। ভালে ভালে সাৰিব খুজিছ যদি ক, ক’ত লুকুৱালি?
ঘৈণী—কি লুকুৱালোঁ?
মহেশ খেদা মাৰি গৈ ঘৈণীয়েকৰ টেঁটুত ধৰি ভালকৈ এটা থেকেচা মাৰিলে। তাৰ পিচত গোটেইটো খোটালিৰ চুক-কাণ, চালপীৰাৰ তল পাতপিতকৈ চালে। কিন্তু ক’ত একো নাপালে। এটা চুকত এটা ডাঙৰ কাঠৰ বাকচ আছিল। তাত ফটোৰ ফ্ৰেমৰ কাঠ ডোখৰচেৰেকৰ বাহিৰে আন একো নাছিল। সাধাৰণতে বাকচটো মেলা অৱস্থাতে থাকে, আজি তলা লগোৱা দেখি মহেশৰ মনত সন্দেহ হল, আৰু ঘৈণীয়েকক তাৰ চাবি খুজিলে, ঘৈণীয়েকে তাৰ চাবি কেতিয়াবাই হেৰাল বুলি ক'লে। মহেশে আৰু প্ৰশ্ন নকৰি কুঠাৰ এখন আনি বাকচত এটা পূৰ্ণহতীযা কোব শোধালে। ঘাপটো ইমান জোৰেৰে মৰা হৈছিল যে কুঠাৰখন বাকচৰ ঢাকোন কাটি ভিতৰলৈ সোমাই গ'ল।
লগে লগে বাকচৰ ভিতৰৰ পৰা এটা কৰুণ আৰ্ত্তনাদ উঠিল। বাকচৰ
-২৪১-