পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্বিতীয় অধ্যায় ডাকঘৰ ইন্দ্রনাথ লক্ষ্মীকান্তৰ ঘৰত থকা প্রায় দুমাহ হৈছে, কিন্তু আজিলৈকে ৰম্ভাৰ লগত যথানিয়মে বিয়া হবৰ কোনাে আয়ােজন হােৱা নাই। লক্ষ্মীকান্তই ইন্দ্রনাথক লগত লৈ তেওঁৰ স্বার্থসিদ্ধিৰ নিমিত্তে কেইবাটাও কাম কৰিলে। প্ৰভাৱতীক যে বিৰ মাজত দুটা মানুহে আক্রমণ কৰিছিল সেইটো পাঠকসকলৰ মনত আছে। সেই দুজন লক্ষ্মীকান্ত আৰু ইন্দ্ৰনাথৰ বাহিৰে আন কোনাে নহয়। গাড়ােৱানে বান্ধি থােৱাটোৱেই ইন্দ্রনাথ আৰু ইটো লক্ষ্মীকান্ত। দুয়াে ছদ্মবেশেৰে গৈছিল আৰু যােৱাৰ আগেয়ে বৰকৈ মদ খাইছিল, লক্ষ্মীকান্ত যেতিয়া লৰাটোক পেলাই দি প্রভাক ধৰিবলৈ যায়, তেতিয়া তেওঁৰ ফুৰ্ত্তি আৰু উত্তেজনা ইমান বেচি হৈছিল, যে তেওঁ গাড়ী আৰু মাটিৰ কোনাে পার্থক্য অনুভৱ কৰিব পৰা নাছিল। তেনে অৱস্থাত যেতিয়া তেওঁ গাড়ীৰ পৰা পৰিল, তেওঁ এনে বেয়াকৈ পৰিল যে তেওঁৰ সেঁ হাত সৰগাঁঠিৰ জোৰা লৰি গ'ল, আৰু ভৰি এটাও সৰু গাঁঠিৰ ওচৰতে মােচোকা খালে। বহুত পৰলৈকে তেওঁৰ উঠিবলৈ শক্তি নহ'ল। তাৰ পিচত কোনােমতে উঠি ওচৰত পৰি থকা গছৰ ঠাল এটাৰে লাখুটি বাই বহুত বেলিৰ মূৰত ইন্দ্ৰনাথৰ ওচৰ পালেগৈ। ইন্দ্রনাথে আগ বাঢ়ি তেওঁক বিচাৰি নােযােৱাত তেওঁৰ পেটে পেটে খং উঠি আহিছিল; এতিয়া প্রকৃত অৱস্থা দেখি সেই খং মাৰ নিয়ালে, আৰু বহুত কষ্টেৰে ইন্দ্ৰনাথৰ বান্ধ মােকোলাই দিলে। সেই ৰাতি দুয়ে তাতে থাকিল। ৰাতিপুৱা গাড়ী এখন বিচাৰি লনীকান্ত লৈ ইন্দ্রনাথ না হল।