পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

বিচাৰি উলিয়াব পাৰিলেই তেনে উৰ্ব্বশী, মেনকা আদি থোপাথোপে ওলমি থকা দেখিবলৈ পোৱা যাব। তেতিয়া যিমান লাগে সিমান ছিঙি আনিলেই হ’ল।

 সৰ্ব্বানন্দ — পিচে পালে হে আনিবা।

 কৃষ্ণ — নাপাম কিয়? মই ভাবিছোঁ, কি জানি ঘাই কল্পতৰুও ইয়াতে আছে, আমাৰ এই ডোখৰেই স্বৰ্গ হ’ব পায়।

 ৰাজখোৱা হাঁহি হাঁহি কলে, — “তোমাৰ সহজ উপায়টো মই দেখাত অসম্ভবত পাৰিলগৈ। যি সি কি নহওক, তেনে আলোচনাৰ পৰা লাভ নাই, কিয়নো স্কুলখন আমাৰ অকলৈ নহয়। আমি যাকে তাকে সুমুৱালে বহুতো বেমেজালি ঘটিব। সেই দেখি যি জনী পোৱা গৈছে, তাইকে আমাৰ মনোমত কৈ গঢ়ি লোৱা উচিত। তেতিয়া দুয়োটা উদ্দেশ্য সিদ্ধি হব।”

 তেতিয়া সকলোৱে সেই মতে যত্ন কৰিবলৈ স্থিৰ কৰিলে।


— ৮৬ —