পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অধ্যায়
পাদুীৰৰ পৰিবৰ্ত্তন

 আবেলি বেলিকা দীনবন্ধু তেওঁৰ পাঠাগাৰত সোমাই গোখেলৰ বক্তৃতাৱলী পঢ়ি আছে, আৰু মাজে মাজে দাগ দিছে, এনেতে গঙ্গাই এখন ভিজিটিং কাৰ্ড তেওঁৰ হাতত দিলে। কাৰ্ডখনত ইংৰাজীত লিখা আছিল,-“এম, ডব্লিউ, হেমিল্টন, কলিকতা।” তেওঁ কিতাপখন জপাই ওলাই গ'ল, আৰু তেওঁৰ ঘৰৰ মুখতে এখন মটৰ গাড়ী ৰৈ থকা দেখিলে। চাহাব তেতিয়া দীনবন্ধুৰ ঘৰৰ মুখত থিয় দি আছিল আৰু মটৰ ড্ৰাইভাৰটো মটৰতে বহি আছিল। সি তাৰ মুখখন টুপীটোৰে সৈতে যিমানলৈকে পাৰি ঢাকি ৰাখিছিল; তথাপি তাক দেখা মাত্ৰেই দীনবন্ধু চক খাই উঠিল। সি যি হওক, তাৰ প্ৰতি বিশেষ লক্ষ্য কৰিবলৈ দীনবন্ধুৰ সুবিধা বা সময় নাছিল। চাহাব আৰু তেওঁৰ ভিতৰত বিলাতী নিয়মে স্বাগত সম্ভাষণ জনোৱা আৰু কৰমৰ্দ্দনৰ পাচত দীনবন্ধুৱে চাহাবক বহিবলৈ দিলে।

  চাহাবে ক’লে,-“বোধকৰোঁ মোৰ কথা আপোনাৰ মনত আছে।”

 দীন—নিশ্চয় আছে। পিছে আপুনি হঠাৎ এই অনুগ্ৰহ দেখুওৱাৰ কাৰণ জানিব পাৰোঁনে?

  চাহাব—কাৰণ বিশেষ একো নাই। এই ফালে আহিছিলোঁ, ভাবিলোঁ এবাৰ আপোনাক লগ পাই যাওঁ। ঘাইকৈ মই আপোনাক ধন্যবাদ জনাবলগীয়া আছে।

 দীন-মই বোধকৰোঁ ধন্যবাদ পাবলগীয়া একো কৰা নাই।

 চাহাব—আপুনি নাজানিব পাৰে, কিন্তু আপুনি মোৰ মহৎ উপকাৰ

সাধন কৰিছে।


-৩৫৭-