পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা লক্ষ্মীকান্তৰ ভৰিৰ আঘাত বােধকৰো বৰ সাজ্জাতিক নাছিল, কিয়নাে, এসপ্তাহমান ঔষধ লগােৱাৰ পিচতে তেওঁ একৰকম ভালকৈয়ে ফুৰিব পৰা হ'ল। হাতটো হলে এতিয়াও একেবাৰেই ভাল হােৱা নাই। | ইয়াৰ আগেয়ে কেনেকৈ জাননী প্রচাৰ কৰিছিল, আৰু প্ৰভাৱতীৰ বিৰুদ্ধে সাক্ষী দিবলৈ ওলাইছিল তাকো সকলােৱে জানে। অকল সেয়ে নহয়, এইবােৰ কেলেঙ্কাৰীৰ কথা জাননীত লিখা দিয়েই বেনামীকৈ লিখি আসামৰ প্ৰায় সকলাে ঠাইলৈকে পঠিয়াইছিল। ইন্দ্ৰনাথৰ সাহায্যেৰে লক্ষ্মীকান্তই আৰু কিছুমান কাৰ্য কৰিছিল, কিন্তু সেইবােৰ ইমান জঘন্য আৰু তাৰ লগত এই আখ্যায়িকাৰ সম্বন্ধ ইমান কম যে তাৰ উল্লেখ নিস্প্রয়ােজন। যদিও ইন্দ্ৰনাথ লক্ষ্মীকান্তৰ লগত প্রায় দুমাহ আছে, তথাপি পূৰ্বৰ বৱস্ত মতে বিয়াৰ কথা কোনেও উলিওৱা নাই। ইন্দ্রনাথে প্ৰথমতে অলপ খৰধৰ লগাইছিল, কিন্তু পিচত তেওঁ সামাজিক ভাবে বিয়া নােহােৱাটোহে বাঞ্ছা কৰিবলৈ ধৰিলে। তাৰ অৱশ্যে কাৰণ আছিল। ইন্দ্রনাথে মাজে-সময়ে মন কৰিছিল যে ৰম্ভাই সদায় সন্ধ্যা সময়ত, ৰাতি খাই উঠাৰ পিচত, আৰু নিচেই ৰাতিপুৱাতে একোবাৰ পদূলি- মুখলৈ যায়। প্রথমতে তেওঁ সেই বিষয়ে একো ভবা নাছিল, কিন্তু পূজাৰ সময়ত হঠাৎ তেওঁৰ কিবা সন্দেহ জন্মে, আৰু তাৰ কাৰণ জানিবলৈ তেওঁ ব্যগ্র হয়। তেওঁ কেইদিনমান ভালকৈ লক্ষ্য কৰি দেখিলে ৰম্ভাই পদূলিৰ নাহৰ কেইজোপাৰ তলত কি বিচাৰে। তেওঁ দিনত ঠাইডােখৰ পৰীক্ষা কৰি চালে, আৰু দুয়াে াতিয়ে থকা গছ দুজোপাৰ তাত বহুত অকামিলা ফটা কাকত-ঘাইকৈ পুৰণি চিঠিৰ ফটা লেফাফাদমাই খােৱা দেখিলে। তেওঁ “মেই ভাবিলে কি জানি ৰাই ফটা কাকতৰ লগত কিবা মূল্যবান কাকত পেলালে