সাধনা
হাতুৰী এডাল লৈ ঘৰত যিমান বাটি-কাঁহী আছিল সোপাকে গুড়ি কৰিলে। যিবিলাক মানুহে হাক দিছিল সেইবিলাককো ফৰ্ম্মুটিয়াই খেদি নিলে। মোকো ঘৰত জুই দিম বুলি ডবিয়াইছে। এতিয়া আকৌ ঘৈণীয়েকজনীক ধৰি আনি চ’ৰা ঘৰৰ মুখত থিয়কৈ থৈছে; ইফালে হাতত দা এখন লৈ কৈ আছে বোলে লৰচৰ কৰিলেই কাটিম। কোনো মানুহেই ওচৰ চাপিবলৈ সাহ কৰা নাই। আপুনি নগলে আজি কিবা দুৰ্ঘটনা ঘটিব। এতিয়াই বা কি হৈছে!
দীন—তহঁত একেবাৰেই অকামিলা। মই আৰু সদায় পগলাৰ গাতে ধৰি ফুৰিলেই হ’ব নে? আজি এসপ্তাহত কিমান কাম লোকচান হৈছে! মই থাকিলে দেখোন একো উম-ঘামেই নাই। এখোজ আঁতৰি আহিলেই হয় এইখন!
মানুহ—আপুনি যি কয় তাকে শুনে। আমি কিবা কলেই একেবাৰে যমদগ্নি মূৰ্ত্তি ধৰি আহে।
দীন—বাৰু তই এতিয়া যা, মই যাব লাগিছোঁ।
মানুহ—পলম হলে জানোচা বিপদ ঘটে!
দীন—একো বিপদ নহয়। তই মুঠেই মই গৈছোঁ বুলি কবি। বামুণ হৈছে ধৰ্ম্মৰ পগলা, তাক ধৰ্ম্মৰ কথা কৈ চলাব লাগে। মই তাক কিবা এটা মুখস্থ কৰিবলৈ দি আহিছোঁ, আৰু কালিলৈ পৰীক্ষা কৰিম বুলি কৈছোঁ। মই এতিয়া নাযাওঁ বুলিয়েই সি, তেনে কৰিছে। তই মুঠেই মই যাব লাগিছোঁ বুলি কগৈ সি এতিয়াই ভাল হৈ পঢ়িবলৈ লাগিব।
মানুহ—বাৰু মই যাওঁ, আপুনি পলম নকৰিব।
দীন—মই অলপ পলম কৰিবই লাগিব, তাতকৈও ডাঙৰ বিপদৰ ভয় আছে। তই ভয় নকৰিবি; মই কোৱাৰ দৰে কবি,
আৰু সকলোকে সাৱধান হৈ থাকিবলৈ দিবি। সি একো নকৰে।
-১৭০-