সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা
দ্বিতীয় খণ্ড

প্ৰথম অধ্যায়
দুৰ্গা-পূজা

 আমি এবাৰ আগেয়ে কতিৰাম ওৰফে, কাৰ্ত্তিকচন্দ্ৰৰ ঘৰ দেখি আহিছে; এতিয়া আকৌ এবাৰ তেওঁৰ ঘৰৰ ফালে ফুৰি অহাৰ আৱশ্যক হৈছে। এইবাৰ যাবলৈকো সুবিধা আছে, কাৰণ তেওঁৰ ঘৰত দুৰ্গা-পূজা পাতিছে।

 কাৰ্তিকচন্দ্ৰৰ মূৰত দুৰ্গা-পূজাৰ বায়ু কেনেকৈ সোমাল, তাৰ বুৰঞ্জীটোও এই খিনিতেই কৈ থোৱাই ভাল। বঙালীবিলাকে বাৰোৱাৰী পূজাৰ নিমিত্তে য’ৰে তৰে পৰা বৰঙনি তুলিছিল আৰু ঢাকা নে কলিকতাৰ পৰা এজনী “বাই” আনিবলৈ ঠিক কৰিছিল। তাকে দেখি ৰাজখোৱাকে আদি কৰি ডাঙৰীয়াসকলে আনক বৰঙনি দিয়াতকৈ তেওঁলোকৰ ভিতৰতে এজনী “বাই”ৰ বন্দৱস্ত কৰা উচিত বুলি বিবেচনা কৰিলে। কাৰ্ত্তিকচন্দ্ৰই ক'লে,—“ঠিক তাহানিৰ সেই জনী, নহলেও তেনেকুৱা এজনী হ'ব লাগিব, তেতিয়া যি খৰচ পৰে মই অকলৈ দিম।”

 কাৰ্ত্তিকৰ কথাত সকলোৰে আনন্দৰ পাৰ নোহোৱা হ'ল।

—১৩৫—