পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৈশ-মিলন

 ৰম্ভা—তেৱোঁ ককাইদেউৰ লগতে গৈছে ।

 আব্দুল—এনেকৈ যােৱাৰ কাৰণ কি?

 ৰম্ভা—মই কেনেকৈ কওঁ!

 আব্দুল—মােৰ বােধেৰে কিবা এটা ডাঙৰ উদ্দেশ্য আছে। বাৰু থাকক যি থাকে। মােৰ তােমাৰ লগত এটা ডাঙৰ বিষয়ৰ পৰামর্শ কৰিব লগা আছে।

 ৰম্ভা— কি?

 আব্দুল—মই শুনিছোঁ—তােমাৰ বােলে ইন্দ্ৰনাথৰ লগত বিয়া হােৱাৰ কথা হৈছে ?

  ৰম্ভা—কোনে ক'লে তােমাক এনে কথা ?

 আব্দুল—সকলােৱে কৈছে আৰু তাৰ প্রমাণস্বৰূপে ইন্দ্রনাথ তােমালােকৰ ঘৰত আছেই।

 ৰম্ভা—কিবা কাৰণত ককাইদেৱে তেওঁক ৰাখিছে। মােৰ তাত সম্পর্ক কিহৰ ?

 আব্দুল—তেওঁনাে তেন্তে ইয়াত আছেহি কিয়?

 ৰম্ভা—মই কেনেকৈ ক’ম ?

 আব্দুল—বাৰু যদি তােমাৰ ককাইদেৱৰহঁতে তেওঁৰ লগত তােমাৰ বিয়া দিব খােজে, তেতিয়া কি কৰিবা ?

 ৰম্ভা—মােৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ ককাইদেৱেই হওক বা আন কোনােবাই হওক, কাৰো সাধ্য নাই ; তুমি মােক এতিয়াও বিশ্বাস নকৰা নে ? মই যে তােমাৰেই; তােমাৰ বাহিৰে আন কাৰাে হ’ব নােৱাৰোঁ।

 আব্দুলে এটি চুম্বনেৰে তাৰ উত্তৰ দিলে। তাৰ পিচত ক'লে,— “এতিয়া মই এটা ডাঙৰ লেঠাত পৰিছোঁ। বােধকৰোঁ আৰু বেচি

দিন মই ইয়াত থাকিব নােৱাৰিম।”

-১৫৫-