পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নৱম অধ্যায়

সভা

আজি “টাউন হলত” বিৰাট সভা। চকি, বেঞ্চ, আদিৰে গোটেইটো ঘৰ ভৰপূৰ। মতা-তিৰুতা দুয়োৰে নিমিত্তে সুকীয়াকৈ ঠাই ৰখা হৈছে।

 মানুহৰ সংখ্যাও বৰ বেচি। নগৰীয়া হাকিম-উকীল আদিৰ পৰা গাৱঁলীয়া চহালৈকে সকলো বিধৰ মানুহ আহিছে। তিৰুতাৰ সংখ্যাও কম নহয়। বহিবলৈ ঠায়ে নটাত বহুত মতা মানুহ থিয় হৈ থাকিব লগাত পৰিছে।

 সভা আৰম্ভ হ’ল। গকুলচন্দ্ৰৰ প্ৰস্তাৱ, কৃষ্ণকুমাৰৰ সমৰ্থন, আৰু সৰ্ব্বসম্মতিক্ৰমে কমলচন্দ্ৰ ৰাজখোৱাই সভাপতিৰ আসন গ্ৰহণ কৰিলে। যদিও সৰ্ব্বসম্মতিক্ৰমে বোলা হৈছে, এই নিৰ্ব্বাচনমত সৰহভাগ মানুহেই পেটে পেটে বেয়া পাইছিল; কিন্তু প্ৰস্তাৱ আৰু সমৰ্থন হৈ যোৱাৰ পিচত আপত্তি কৰিলে মানুহজনক অপদস্থ কৰা হয় দেখি, অগত্যা মৌনং সম্মতিলক্ষণম্ প্ৰকাশ কৰিলে।

 সভাপতিয়ে আসন গ্ৰহণ কৰাৰ পিচত কাৰ্য্য-বিবৰণীমতে দীনবন্ধুক সভাৰ উদ্দেশ্য বৰ্ণনা কৰিবলৈ আহ্বান কৰিলে। দীনবন্ধু থিয় হ’ল, আৰু সমজুৱাসকলক সম্বোধন কৰি স্ত্ৰী-শিক্ষাৰ আৱশ্যকতা সম্বন্ধে এটা সুদীৰ্ঘ বক্তৃতা দিলে। সমাজত স্ত্ৰী-পুৰুষৰ স্থান আৰু কৰ্ত্তব্য, স্ত্ৰী-শিক্ষাৰ প্ৰয়োজনীয়তা, কেনে আৰ্হিত শিক্ষা দিলে স্ত্ৰী-শিক্ষাৰ মাজেদি ধৰ্ম্ম-কৰ্ম্মৰ অনুষ্ঠান আৰু জাতীয়তা ৰক্ষা হ’ব পাৰে, কেনেকৈ জাতীয় আদৰ্শত দিয়া স্ত্ৰী-শিক্ষাই সমস্ত জাতিক সুস্থ আৰু সবল কৰি

— ৫৪ —