পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দোষৰ দণ্ড দীনবন্ধুৱে ভালকৈ জানিব পাৰিছিল। আনকি, ভােজ খুৱাই পুৰস্কাৰ দিবলৈ প্রতিজ্ঞা কৰি কেনেকৈ বনুৱা মানুহকেইটাৰ হতুৱাই সাক্ষী কোৱাই তাত সিদ্ধিলাভ কৰিবৰ যত্ন কৰিছে, সিও তেওঁৰ অবিদিত থকা নাই। শিৱহঁতে ভাবিছিল, এনেবােৰ কথাৰ প্ৰচাৰ হােৱা শুনিলে দীনবন্ধুৱে প্ৰভাৱতীৰ লগত সকলাে সম্পর্ক ৰহিত কৰিব, আৰু তেতিয়া তেওঁলােকে প্রভাক বশলৈ আনিব পাৰিব। কিন্তু তেওঁলােকৰ উদ্দেশ্য সিদ্ধি নহ’ল, দীনবন্ধুৱে প্ৰভাৰ লগত পূৰ্বৰ সম্পৰ্ক ৰহিত নকৰিলে। | দীনবন্ধুৱে নিজে কোনাে কথা মুলিওৱা দেখি এদিন শিৱই উপযাচি সুধিলে,—“আপােনাৰ নামে কোনােবা দুর্জনে মিছা অপবাদ উলিওৱা শুনি মই বৰ দুখিত হৈছে। আপুনি পিচে কি কৰিব খুজিছে ? দীন—মই কি কৰিম। ধেমালি চাম। শিৱ—যদি মােৰ দ্বাৰা আপােনাৰ কিবা কাম হয়, তেনেহলে যেন জানিবলৈ দিয়ে। শিৱৰ কথাত যদিও দীনবন্ধু প্ৰথমতে বিৰক্ত হৈছিল, তথাপি এতিয়া তেওঁৰ মুখত হাঁহি ওলাল। তেওঁ কলে,-“তােমাৰ পৰা বহুত কাম হ'ব পাৰে। ভােজ-ভাত দি আৰু কেইটামান মানুহ শিকাইজাই ৰাখিব পাৰা, যাতে আৱশ্যক হলে তােমালােকৰ কল্পিত কাহিনীবােৰ সিহঁতৰ চাক্ষুষ প্রমাণৰ ওপৰত প্রতিষ্ঠিত বুলি দেখুৱাৰ পাৰা। ইয়াৰ ভিতৰতে সেই মানুহবােৰে দেখিছে বা কৈছে বুলি তােমালােক কথাবােৰ ঢােল পিটি প্রচাৰ কৰি ফুৰিব পাবা।” শিৱৰাম ৰাম। আপুনি মােকোনাে তেনে বুলি ভাৰেনে? সিৰেলি যি কথা ওলাইছিল, তাতে মােৰ দোষ নাছিল। ভূতনাথে মােক কিছুমান প্রশ্ন কৰিছিল, মই তাৰ উত্তৰত মাথােন দুই-এটা দেখা-শুনা