পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সোধো। আপুনি বহুত ঠাইত ফুৰিছে, বহুত দেশৰ ৰীতি-নীতি দেখিছে, বহুত শাস্ত্ৰ পঢ়িছে; সেই কাৰণে আমাতকৈ বেচিকৈ মানৱ-চৰিত্ৰ বুজি পায়। প্ৰভাৰ চৰিত্ৰ সম্পৰ্কে আপোনাৰ মত কি?

 দীন।—মোৰ মত একো নাই, কিয়নো “স্ত্ৰিয়াশ্চৰিত্ৰং পুৰুষস্য ভাগ্যং দেৱো ন জানাতি, কুতো মনুষ্যঃ?”

 শিৱ—মই এই কথা সোধাৰ কাৰণ আছে। সঁচাকৈয়ে মই কালিৰে পৰা একেটা কথাকে ভাবি আছোঁ, কিন্তু তাৰ একো সিদ্ধান্ত উলিয়াব পৰা নাই।

 দীন—কি কথা?

 শিৱ—কথাটো গোপনীয়, কিন্তু আপুনি শুনাত হানি নাই। আপুনি যেন আৰু ক’তো নুলিযায়।

 দীন—তেনেকৈ মই গাত ল’ব নোৱাৰোঁ৷ প্ৰয়োজন দেখিলে উলিয়াবও পাৰে। সেই দেখি মই জানিলে যদি বেয়া হোৱাৰ সম্ভাৱনা আছে, তেন্তে নোকোৱাই ভাল।

 শিৱ—মোৰ বিশ্বাস আপুনি জনাৰ পৰা বেয়া নহৈ বৰং ভালহে হ’ব।

 দীন—কোৱা তেন্তে।

 শিৱ—কথাটো হৈছে মই কালি থিয়েটাৰ চাবলৈ গৈছিলোঁ। থিয়েটাৰ ভাগিলত ঘৰলৈ আহোঁতে দেখো দেখোন কাপোৰেৰে মূৰে গাই ঢাকি কোনোবা এটা প্ৰভাৰ ঘৰৰ পৰা ওলাই আহিছে। মানুহটো কোন চিনিব নোৱাৰিলোঁ। এবাৰ ধৰোঁ বুলিও ভাবিছিলোঁ, কিন্তু সি লৰ মাৰিলত ধৰিব নোৱাৰিলোঁ। তাতে কেনেবাকৈ তাৰ দোষ মোৰ গাত পেলাই সাৰে বুলি ভয় লাগিল। আজি আপোনাৰ কাণ ছুৱাই থলোঁ, যদি আকৌ তেনে সময়ত কোনোবা আহে, মই নিশ্চয় ধৰিম। তেতিয়া যদি