পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অষ্টাদশ অধ্যায় ভীষণ প্রতিজ্ঞা বালিকাঙ্কুলৰ শিক্ষয়িত্ৰীৰ সম্পর্কে নানাপ্রকাৰ কেলেঙ্কাৰৰ কথা গােটেই জিলাতে ৰাষ্ট্ৰ হ’ল। গকুলচন্দ্ৰই বহুত ভাবি-চিন্তিও কি কৰা উচিত একো স্থিৰ কৰিব নােৱাৰিলে। প্ৰভাৰ তালৈ অহা-যােৱাত যে তেওঁৰ উদ্দেশ্য সাধু আছিল এনে হয়। তেওঁৰ অসংখ্য কুৎসিৎ প্ৰেমৰ কাহিনী নজনা মানুহ কোনাে নাই। মােকর্দমা লগা তিৰুতাৰ পৰা শিক্ষিত মহিলালৈকে সকলােৱে তেওঁৰ চৰিত্ৰৰ আভাস পাইছে। তেনে স্থলত ইমান দিনৰ সমাগমৰ পিচত প্ৰভাৱতীক পবিত্ৰ কৰি ৰাখিছে বুলি কোনেও বিশ্বাস কৰিব নােৱাৰিছিল। কিন্তু যেয়ে যি অনুমান কৰক, চেক্রেটাৰীয়ে প্ৰভাৰ বিশেষ অন্যায় একো কৰিব পৰা নাছিল ; দিনৌ প্রভাৰ বদন দর্শন আৰু বাক্যালাপ শ্রবণ কৰি আনন্দ লাভ কৰিছিল মাথােন। বহুত দিন অসংযতভাবে আলাপ কৰিছিল সা, কিন্তু প্রভাক স্পর্শ কৰিবলৈ সাহ কৰা নাই ; প্রভাক তেওঁৰ ভােগৰ সামগ্রী কৰিবলৈ চেষ্টা কৰিছিল যদিও, কৃতকার্য হ’ব পৰা নাই। উকীলৰ মনত সদায় খেলাইছিল যে প্রভা বিবাহিতা হােৱা হলে কি জানি তেওঁৰ উদ্দেশ্য সিদ্ধি হােৱা ইমান কঠিন নহ'ল- হেঁতেন। কিবা ঘটনা ঘটি লােক চক্ষুত পৰিলে এতিয়া ঢাকিবলৈ উপায় নাই দেখিহে প্রভাই তেওঁক ইমান দিনেও আত্মসমর্পণ কৰা নাই। তেওঁ মনে মনে ভাবিলে যদি প্রভাৰ এনে কোনােবা