সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

সজাগত জুৰালে নয়ন
  দিঠকৰ ৰূপৰ পােহৰে ;
প্রাণ-মন নিলে মােৰ কাঢ়ি,
হলোঁ থৰ পুতলাৰ দৰে!


আহি ধীৰে নবীন অতিথি,
  হৃদয়ৰ মেলিলে কপাট ;
অন্তৰৰ নিভৃত কোণত
  প্রবেশিল,—নীৰৱ নিমাত


ব্যক্ত হ’ল চকুৰ ঠাৰত
  ভাবময়ী প্রাণৰ কাহিনী ;
নিশ্বাসত বাজিল ৰিণিকি
  কি যে আহা ললিত ৰাগিনী !


খেদিবৰ নৰল শকতি,
  নিঝৰ্ৰিণী বলে আবেগৰ ;
চিৰকাল ৰাখিম যতনে
  নৱাগত অতিথি প্ৰাণৰ ।।

 কিন্তু ইমানতেই শেষ নহয়। যদিও তেওঁ কাৰো আগত একো কোৱা নাছিল, যদিও প্রভাক কোনাে প্ৰকাৰ সঙ্কেত দিয়া নাছিল, আন কি, প্রভাৰ লগত তেওঁৰ ঘৰতো সাক্ষাৎ কৰিবলৈ আপত্তি কৰিছিল, তথাপি প্ৰভাৱতীৰ যাতে মঙ্গল হয়, তাৰ নিমিত্তে তেওঁ সকলাে সময়তে চিন্তা কৰিছিল। যদিও প্রাণীমাত্ৰৰেই মঙ্গল চিন্তা

—১০০—