পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সপ্তদশ অধ্যায়

অসবৰ্ণ বিবাহ

 প্ৰভাৱতীৰ চিঠি পঢ়ি দীনবন্ধুৰ মনত নানা ভাবৰ উদয় হল। সঁচাকৈয়ে প্ৰভাই অসবৰ্ণ বিবাহত সমাজত লাঞ্ছনা সহ্য কৰিব লাগিব বুলিয়েই তেনেকৈ লিখিছে, নে তেওঁক পৰীক্ষা কৰিবৰ মনেৰে কথাটো তুলিছে। নহলে আন কিবা কাৰণেই আছে বা! তেওঁ বহুতো ভাবিলে, কিন্তু কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। শেহত প্ৰভালৈ এই দৰে লিখিলে,

আয়ুষ্মতি,
 তোমাৰ চিঠি পঢ়ি মই তোমাৰ উদ্দেশ্য ভালকৈ বুজিব নোৱাৰিলোঁ। সঁচাকৈয়ে তুমি অসবৰ্ণ বিবাহলৈ ভয় কৰি সমাজৰ উৎপীড়নৰ আশঙ্কাত তেনেকৈ লিখিছা, নে তাৰ অন্য কিবা কাৰণ আছে? যদি অকল সেয়েই কাৰণ, তেনেহলে সেই বিষয়ে মোৰ মতামত জানিবলৈ দিয়া উচিত বোধ কৰিছোঁ।

 বৰ্ণ বিভাগ সকলো দেশ আৰু সকলো জাতিৰ ভিতৰতে আছে। কোনোৰ বৰ্ণ-বিভাগ শৰীৰৰ বৰ্ণ আৰু গঠন লৈ, কোনোৰ বৰ্ণ-বিভাগ ধনৰ জোখ লৈ, আৰু কোনোৰ বৰ্ণ-বিভাগ গুণ আৰু কৰ্ম্ম লৈ। ইয়াৰ ভিতৰত শেহৰ বিধেই সৰ্বোৎকৃষ্ট। সুখৰ বিষয় ভাৰতীয় জাতি- বিভাগ এই শেহৰ নিয়মেই হৈছিল। “চাতুৰ্ব্বণ্যং ময়া সৃষ্টং গুণকৰ্ম্ম- বিভাগশঃ।”—এয়েই ভগৱান শ্ৰীকৃষ্ণৰ বাণী। এই জাতি বিভাগৰ আৱশ্যকতা নিশ্চয় আছে; গুণ আৰু কৰ্ম্ম অনুযায়ী জাতি-বিভাগ

হলে তাৰ লগে লগে কৰ্ম্ম-বিভাগ হৈ সমাজৰ শঙ্খলা ৰক্ষা কৰিব পাৰে।

-৩১৮-