পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিবাহ-প্ৰস্তাৱ

দ্বাৰা নিৰ্ব্বাচিতা কোনো কন্যাকেই মই বিয়া কৰাব নোৱাৰোঁ। সেই কাৰণে মোৰ বিবাহৰ নিমিত্তে তুমি চিন্তা নকৰিলেই ভাল।

 বাৰু, মোৰ বিবাহৰ নিমিত্তে যে তুমি মূৰ ঘূৰাইছা, তোমাৰ নিজৰ কথা নাভাবা কিয়? আগেয়ে তোমাৰ এটা দিহা লগোৱাঁ, তাৰ পিচতো আনৰ কথা ভাবিবা। মই এইষাৰ কথা সৰলভাবে হে কৈছোঁ, তাত যেন বিদ্ৰূপৰ গোন্ধ নিবিচাৰা।

 তোমাৰ শুভাকাঙ্খী

 দীনবন্ধু

 দীনবন্ধুৰ চিঠি পঢ়ি প্ৰভাৱতীয়ে যি উত্তৰ দিলে সি এইঃ-

শ্ৰীচৰণকমলেষু,

 আপেনাৰ চিঠি পঢ়ি তাৰ এছোৱা সমূলি বুজিব নোৱাৰি বিমোৰ হলোঁ। আপুনি কৈছে—মই বাছি দিয়া কাকো আপুনি গ্ৰহণ কৰিব নোৱাৰে। কথাটো মোলৈ সাঁথৰ যেন হৈ পৰিছে। এই সাঁথৰ ভঙা মোৰ সাধ্যাতীত; অনুগ্ৰহ কৰি ভাঙি দিব নে? মোৰ হ’লে সন্দেহ হৈছে— আপুনি কাৰবাক ভাল পায়, কিন্তু যাক ভাল পায়, তেওঁৰ লগত আপোনাৰ বিবাহ হোৱা অসম্ভৱ। যদি সেয়ে হয়, জানিবলৈ দিব নে— কোন সেই ভাগ্যৱতী?

 মোৰ বিবাহৰ বিষয়ে মই নাভাবোঁ বুলি স্থিৰ কৰিছোঁ। যদিও কিছু দিনৰ আগলৈকে মই এই বিষয়ে কোনো স্থিৰ সিদ্ধান্ত কৰা নাছিলোঁ, এতিয়া মোৰ লক্ষ্য স্থিৰ হৈছে। মোৰ লক্ষ্য কি, এতিয়া নকওঁ। ক’ম এদিন, যেতিয়া আপোনাৰ ঘৰ হ’ব, আপুনি সুখ-শান্তিৰে বৈবাহিক জীৱন কটাবলৈ সমৰ্থ হ’ব। মুঠতে মোৰ বিবাহৰ প্ৰয়োজন নাই। আপুনি যদি সদায় মোক এতিয়াৰ দৰেই মৰমৰ চকুৰে চায়, যদি সকলো সময়তে সজ উপদেশ দি মোৰ কৰ্ত্তব্য দেখুৱাই দিয়ে, যদি

—৩১৩—