পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 লক্ষ্মী—কেনেকৈ জানিলা ?

 জ্ঞান—জনাকৈ জনা নাই, তথাপি সন্দেহ হয়।

 লক্ষ্মী—কিয়?

 জ্ঞান—কাৰবাৰ চিঠি এখন পঢ়ি কন্দা দেখিছিলোঁ।

 লক্ষ্মী—কন্দাৰ কাৰণ কি ?

 জ্ঞান—ঠিককৈ কোৱা টান ; তথাপি মােৰ বােধ হৈছিল, সেই চিঠিৰ লিখকজনৰ লগত কিবা মতান্তৰ ঘটিছিল, অথচ এৰি আহিবলৈকো টান পাইছিল।

 লক্ষ্মী—চিঠিখন ক’ৰ পৰা আহিছিল ?

 জ্ঞান—নামটো নাজানাে, মানুহটো ওচৰতে থাকে।

 লক্ষ্মী—বুজিছাে, সেই পাষণ্ডয়েই সকলাে অনৰ্থৰ মূল।

 ৰম্ভা—কাৰ কথা কৈছে মই এতিয়াও বুজা নাই।

 লক্ষ্মী—আৰু কাৰ কথা কব ! এতিয়াও বুজা নাইনে কোনে আমাৰ সকলো চেষ্টা মাটি কৰিছে ?

 ৰম্ভা—তেনেহলে দীনবন্ধু।

 লক্ষ্মী—নহয়নাে কি ?

 জ্ঞানেন্দ্রই তেতিয়া দীনবন্ধুৰ সবিশেষ কাহিনী শুনিবলৈ ইচ্ছা কৰিলত লক্ষ্মীকান্তই তেওঁৰ বিস্তাৰিত বিবৰণ দিলে। তাৰ পিচত ক’লে,-“যােৱা কথা গ’ল, তাৰ কথা আলচ কৰি থাকিলে কি হ’ব! এতিয়া বৰ্ত্তমান বিষয়ৰ আলােচনা কৰা যাওক। তুমি মিশ্যন স্কুলৰ কামৰ সম্পর্কে সকলে বন্দৱস্ত কৰি থৈছা নহয়?”

 জ্ঞান—মই আমাৰ চাহাবক কৈ সকলাে ঠিক কৰি ৰাখিছোঁ। চাহাবক কিমান খাটি-লুটি মান্তি কৰাইছো, তাক তােমালােকে কি বুজিবা। নহলে কলিকতা হেন নগৰত চাকৰি পায় বুলি ভাবানে?