পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দোষৰ দণ্ড শিৱশৰ্মাৰ ঘৰ এতিয়া বহুত ডেকা-ডঙৱাৰ মিলন-মন্দিৰ। তাৰ ভিতৰতত আকৌ সাধাৰণ দল আৰু বিশেষ দল আছে। বিশেষ দলত আজি-কালি এই কেইজন গােট খাইছে, যেনে,—শিৱভূতনাথ আৰু লক্ষ্মীকান্ত। দলৰ আন মানুহবােৰ গ'লে এওঁলােকে প্রায়ে ফুচফুচাই মেল পাতে। এওঁলােকৰ প্ৰত্যেকৰেই বিশ্বাস, দীনবন্ধু নথকা হ'লে, তেওঁলােকে প্ৰভাৱতীক বশ কৰিব পাৰিলেহেঁতেন। শিৱই ভাবিছিল দীনবন্ধু গােৱালপাৰাৰ পৰা ঘূৰি অহাত আৰু এসপ্তাহমান পলম হােৱা হলেও তেওঁৰ মনােৰথ সিদ্ধি হলহেঁতেন। সেই কাৰণে তেওঁ- লােক প্রত্যেকৰ হিচাপত দীনবন্ধুৱেই তেওঁলােকৰ শত্ৰু, তেওঁলােকৰ পথৰ কণ্টক। এই কণ্টক উদ্ধাৰ কৰিব লাগিব বুলিয়েই সকলাে সম্মিলিত হৈছে। এই ঘটনাৰ কেইদিনমানৰ পিচত এদিন শিৱৰ ঘৰত এটা ভিতৰুৱা ভােজ হয়, তাত বিশেষ দলভুক্ত কেইজন মাথােন উপস্থিত আছিল। শিৱৰ ঘৰৰ ওচৰত থকা বনুৱা মানুহ কেইটামানকে। এই ভােজলৈ মতা হৈছিল। ভােজৰ আয়ােজন সম্পূর্ণ আৰু তেওঁলােকৰ ইচ্ছানুরূপ হৈছিল। ভােজৰ অন্তত সকলােৰে মাজত এখন গােপন মেল বহিল, আৰু তাত কিবাকিবি ভিতৰুৱা আলােচনা হ'ল। এই ভােজৰ পিচ দিনাই আকৌ এটা নতুন সংবাদ ওলাল। সেইটো হৈছে—আজি কালি দীনবন্ধু আৰু প্ৰভাৱতী দুয়ো দুয়ােৰে ঘৰলৈ ৰাতি অহাযােৱা কৰে। তেনে অৱস্থাত শিৱৰ ঘৰৰ ওচৰত থকা বনুৱা মানুহকেইটাই বহুত দিন দেখা পাইছে । দুই-এদিনতে এইবােৰ কথা ফাটি-ফুটি গ’ল, আৰু নানা প্রকাৰ জাননীও ওলাল। দীনবন্ধুৱে সকলাে শুনিলে, কিন্তু তালৈ অলপপ মন-কাণ নিদিলে। এইবােৰ কথা এভাৱতীৰ কাণত পৰিলত তেওঁ মর্মান্তিক বেজাৰ পালে, আৰু দীনবন্ধুলৈ লিখিলে,-“ইয়াত দেখিছোঁ সৰহ ভাগেই মানুহ