সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

নালাগিলহেঁতেন;—মোৰ জীৱন বিষময় হৈ নুঠিলহেঁতেন। ভগবানৰ কি লীলা ক’ব নোৱাৰোঁ, তেওঁ বোধকৰোঁ, এনেকৈয়ে শিক্ষা দিয়ে, এনেকৈয়ে অহঙ্কাৰীৰ অহঙ্কাৰ লোপ কৰে।

 মই বৰ হতভাগিনী। মোৰ শত্ৰুৰ সংখ্যা নাই। মোৰ কল্যাণ কামনা কৰাৰ বাবেই আজি আপোনাৰ নিচিনা সদাশয় পুৰুষো শত্ৰু- বেষ্টিত হ’ব লগা হৈছে। মই কি কৰোঁ! দেৱ, মই আপোনাৰ ওচৰত হাজাৰ অপৰাধত অপৰাধিনী, মোৰ প্ৰায়শ্চিত্ত কি? মই হাতযোৰ কৰি মাতিছোঁ, মোক দণ্ড দিয়ক, মোৰ দোষৰ বোজা পাতল হওক।

 মহাত্মন্‌, অধিনীক দয়া কৰি আহিছে, যেন সেই দয়াৰ পৰা বঞ্চিত নহওঁ। আজিৰ পৰা আপুনিয়েই মোৰ গুৰু, অভিভাবক, বন্ধু আৰু বিচাৰক! মই শপত খাই কৈছো, ভৱিষ্যতলৈ আপোনাৰ অনুমতি নোলোৱাকৈ যিমান কি ক্ষুদ্ৰ কাম হওক, কেতিয়াও তাত হাত নিদিওঁ। আপুনিয়েই মোৰ ভাগ্যবিধাতা, মোৰ কৰ্ত্তব্য নিৰূপণৰ ভাৰ আপোনাৰ হাতত। যদি মোক দীনাহীনা অবলা বুলি মোৰ প্ৰাৰ্থনা গ্ৰাহ্য কৰে, তেনেহলে বিশ্ব ব্ৰহ্মাণ্ড বিৰুদ্ধে থিয় দিলেও মোৰ ভয় নাই, ক্ষোভ নাই। কিন্তু যদি মোক ঘিণ কৰি মোৰ প্ৰাৰ্থনা দলিয়াই পেলায়, তেনেহলে এই জন্মৰ নিমিত্তে মোৰ শেষ নমস্কাৰ গ্ৰহণ কৰিব। ইতি।

হতভাগিনী দাসী
প্ৰভাৱতী।

 পুঃ—এই চিঠিখন লিখা দুসপ্তাহ হ’ল। কিন্তু আপুনি কেতিয়া আহিব, আৰু গোৱালপাৰাত আপোনাৰ ঠিকনা কি জানিব নোৱৰাত তাক পঠিয়াব নোৱাৰিলোঁ। ইমান দিন বাটলৈ চাই হতাশ হ'ব লগা হৈ এটা দিনেই এযুগ যেন লাগিছিল; সেই দেখি আজি অহা দেখিয়েই পঠিয়ালোঁ। সোনকালে উত্তৰ দিব, ঘাইকৈ আপোনাৰ প্ৰবাসকাহিনীৰ

-২৪৬-