পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 চাহাব—মই তেতিয়া সেইবোৰ কিতাপৰ মূল্য বুজা নাছিলোঁ; বৰং তাত কি আছে চাই প্ৰতিবাদ কৰিম বুলিহে ওলাইছিলোঁ। পিচত পঢ়িহে মোৰ জ্ঞান হ’ল। কিন্তু এটা কথা, আপুনি সেই দিনা কোৱা কথাবোৰ মোৰ মতে একেবাৰেই নিৰপেক্ষ হোৱা নাই।

 দীন—কোনবোৰ কথা?

 চাহাব—আপুনি কৈছিল আমি খৃষ্টান ধৰ্ম্মটো ব্যৱসায়ত পৰিণত কৰিছোঁ, কিন্তু হিন্দুধৰ্ম তেনে নহয়। কিন্তু মই যিমান দূৰ জানিব পাৰিছোঁ, সেই কথা একেবাৰেই সঁচা নহয়। আজি কালি ধৰ্ম্ম-যাজক- সকলৰ মাজত হিন্দুধৰ্ম্মৰ সেই উচ্চ আদৰ্শ নাই, তেওঁলোকে তাক পণ্য দ্ৰব্যত পৰিণত কৰিছে।

 দীন—সেই কথা ময়ো স্বীকাৰ কৰোঁ। কিন্তু মই কওঁতে আন এটা কথা লক্ষ্য কৰিহে তেনেকৈ কৈছিলোঁ যেন মনত পৰে। হিন্দু- ধৰ্ম্মই কাকো বিশ্বাসৰ বিৰুদ্ধে চলিবলৈ নকয, কিন্তু আপোনা- লোকে আপোনালোকৰ ধৰ্ম্মত সমূলি বিশ্বাস নথকা মানুহকো জানি-শুনিয়েই পাৰ্থিব ভোগসুখৰ প্ৰলোভন দেখুৱাই বেপ্টাইজ্‌ড্‌ কৰে। মই বোধকৰো সেই কথা লক্ষ্য কৰিয়েই তেনেকৈ কৈছিলোঁ।

 চাহাব—আৰু এটা কথা, প্ৰতিমা পূজাৰ মাজেদি চৈতন্য শক্তিৰ উপলব্ধিৰ কথা আপুনি যিদৰে কৈছিল, আৰু শাস্ত্ৰই যিদৰে কয়, ঠিক তেনেকৈ আচৰণ কৰা সাধাৰণতঃ দেখা নাযায়।

 দীন—হ’ব পাৰে। তথাপিও তাত যি এটা অন্ধ বিশ্বাস আছে, তাৰ পৰাও উপকাৰ হোৱাৰ সম্ভৱ। অন্ততঃ যিটো মতত বিশ্বাস জন্মা নাই তাক গ্ৰহণ কৰাতকৈ, বেয়া হলেও যিটোত বিশ্বাস আছে তাতে থকাই ভাল। যদি তেনে বিশ্বাসৰ পৰা অপকাৰ হোৱা যেন দেখা যায়,

-৩৬০-