সাধনা
ধৰিছিলোঁ, দেৱতা বুলি ভাবিছিলোঁ। কিন্তু আপোনাৰ কাৰ্য্য দেখি মোৰ সেই বিশ্বাস ৰাখিব নোৱৰাত পৰিছোঁ। আপুনিও এনে হব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। এতিয়াও যে মাজে মাজে মোৰ চকুকাণকে অবিশ্বাস কৰিবৰ মন গৈছে। হয় মোৰ ধাৰণা ভুল, নহয় আপুনিয়েই ভুল কৰি মিছাকে সঁচা বুলি ভাবিছে। যি হউক, কি উদ্দেশ্যে আপুনি এইবোৰ কাৰ্য্যত হাত দিছে, মই তাৰ সমূলি তত ধৰিব পৰা নাই। যদি সেই ঘৃণিত কাহিনীবিলাক আলোচনা কৰাই আপোনা উদ্দেশ্য, তেন্তে কি প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি আপুনি তেনে কৰিবলৈ ওলাইছে, জানিবলৈ দিবনে? ইতি।
বিনীতা
প্ৰভাৱতী।
চিঠিখন পঢ়ি দীনবন্ধু অলপ বিষন্ন হ’ল, তেওঁৰ কপালত এটা চিন্তাৰ ৰেখা জিলিকি পৰিল। তেওঁ সাজ-পাৰ নসলোৱাকৈয়ে মেজৰ ওচৰত বহি কাপ-কাকত চপাই ললে। চিঠিখনৰ উত্তৰ লিখিবলৈ দোৱাতত কলমটো সুমুৱাইছে মাথোন, এনেতে এটা লৰা ল’ৰি আহি তেওঁৰ ওচৰত উপস্থিত। তেওঁ মূৰ ডাঙি চালতে ল’ৰাটোৱে কলে,—“পদ্মই কানি খাই মৰিবলৈ ধৰিছে।”
নগৰৰ বাহিৰত কেইটামান সামান্য ঘৰত জনচেৰেক ছাত্ৰ থাকে। তেওঁলোকৰ ঘৰ চহৰৰ পৰা বহুত দূৰত, অথচ কেইজনমানে বোৰ্ডিঙৰ খৰচ বহন কৰিবও নোৱাৰে। বাকী কেইজনৰ ধনৰ অভাৱ নাই, কিন্তু বৰ্ত্তমান জাতিবিভাগৰ কঠোৰ শাসন মানি তেওঁলোকৰ জাতৰ ল'ৰা বোৰ্ডিঙত থকা সহজ নহয়। যাৰ তত্ত্বাৱধানত এওঁলোক থাকে, তেওঁ এজন চহা মানুহ; সেই দেখিয়েই দীনবন্ধুৱে এওঁলোকলৈ চকু ৰাখে আৰু টানে-আপদে সাহায্য কৰে। ছাত্ৰকেইজনেও দীনবন্ধুক ভয় আৰু ভক্তি কৰে। পদ্ম এই ছাত্ৰ কেইজনৰে এজন।
—১৬৮—