পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দোষৰ দণ্ড



 চিঠিৰ টোপোলাটো লৈ শিৱ উঠি গ’ল; তেওঁৰ মনত তেতিয়া নানা চিন্তাৰ ধুমুহা মাৰিছিল।

 ইয়াৰ দিনচেৰেকৰ পাচতে শিৱই কাম ইস্তফা দি স্থানান্তৰলৈ গতি কৰিলে। যাবৰ সময়ত দীনবন্ধুৰ ওচৰলৈ আহি ক’লে,—“মই যাবলৈ ওলালোঁ; মোৰ সকলো অপৰাধ যেন পাহৰি যায়।”

 “পাহৰিবলৈ মই জানো তাকে মনত বান্ধি থৈছোঁ! তুমি সেই বিষয়ে নিশ্চিন্ত হোৱাঁ। কাৰো শত্ৰুতাৰ কথা মনত ৰখা মোৰ অভ্যাস নাই।” এই বুলি দীনবন্ধুৱে শিৱক আলিঙ্গন কৰি বিদায় সম্ভাষণ জানালে।


————

-২৯৭-