পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা বিলাক মহাপাপী, সিহঁতে এতিয়াও খৃষ্টক ভজা নাই। হিন্দু-ধৰ্ম্মত একো সাৰ নাই ; তাত বহুততা সম্প্রদায় আছে, আটাইবােবেই সভ্যতাৰ বিৰােধী । ইয়াৰ মানুহকি বৈষ্ণৱ, কি শৈৱ, কি শাক্ত, কোনেও মুক্তি নাপায়। ইহঁতৰ ধৰ্ম্ম ইমান বেয়া, ইমান নীহ যে সকলােৱে ঘিণ কৰা উচিত। শৈৱ-শাক্তই লিঙ্গ আৰু যােনি পূজা কবে, ইহঁতব সভ্যতাৰ অলপপ জ্ঞান নাই। এনেবােৰ পূজাৰ নিমিত্তেই ইয়াৰ মানুহবোেৰক আমাৰ মানুহে গৰু-পহুৰ নিচিনাকৈ ব্যৱহাৰ কৰে। বৈষ্ণৱবিলাকে মাছ-কাছকে আদি কৰি দহােটা অৱতাৰ মানে। ঈশ্বৰক যি ইমান ক্ষুদ্র জীৱ হ'ব পাৰে বুলি ভাবে, সিহঁতৰ মুক্তি ক’ত? কোনে সিহঁতক অনন্ত নৰকৰ পৰা ৰাখিব ! তদুপৰি বৈষ্ণৱবিলাকে যি শ্রীকৃষ্ণক পূর্ণাৱতাৰ বুলি মানে, সেই শ্ৰীকৃষ্ণৰ নিচিনা জঘন্য চৰিত্ৰৰ মানুহ পৃথিৱীতে নাই। আজি কালিৰ দিনত হােৱা হ'লে ফঁাচী বা কলীয়া- পানীত দিব লাগিলহেঁতেন। ইয়াৰ মানুহে পুতলা পূজা কৰে। ঈশ্বৰ সকলাে ঠাইতে আছে। তেওঁৰ কাণ নাই শুনে, চকু নাই দেখে, হাত নাই ধৰে, ভৰি নাই ফুৰে। তেনে ঈশ্বৰক পুতলা সাজি পূজা কৰিলে তেওঁ সন্তুষ্ট হ’ব নে বিতুষ্ট হ’ব? তােমাললাকে যদি মুক্তি পাব খােজা, কোটি কোটি বছৰ নৰকত পচিব নােখােজা, তেন্তে খৃষ্টক ভজা। খৃষ্টক ভজিলেই সকলাে হ’ব। বহুত মানুহে বহুত দিন দুখত নিয়াই শেহত খৃষ্টক ভজি মুখ পাইছে, পৰকালতাে স্বর্গ লৈ যাব পাৰিছে।” | পাদুত্ৰীৰ বক্তৃতা শুনি দীনবন্ধুৱে হাঁহি হাঁহি ক’লে,-“বিধাতাৰ কি বিড়ম্বনা। এইখিনি ধৰ্ম্মজ্ঞান লৈও একোজন মানুহ সুদূৰ আমেৰিকাৰ পৰা ভাৰত উদ্ধাৰ কৰিবলৈ আহে ।” চাহাবে শুনি ক'লে,-“কি কৈছা তুমি?” দীন—কৈছো বােলাে তােমাৰ নিচিনা ধাৰ্মিকৰ আগমনত দেশ উদ্ধাৰ নােহােৱাকৈ থাকিবনে ?